শতাধিক ইজৰাইলীৰ সমবেত কণ্ঠে ‘ওঁম নমঃ শিৱায়’! বিচাৰিছে ভাৰতৰ দ্ৰুত আৰোগ্য

ইজৰাইল

ভাৰতৰ এই দুঃসময়ত একাধিক দেশে সাহায্যৰ হাত আগবঢ়াইছে। আর্থিক অনুদান ৰপৰা আৰম্ভ কৰি অক্সিজেন ছিলিণ্ডাৰলৈকে! সাধ্যানুসাৰে চেষ্টা কৰিছে আন্তর্জাতিক মহলে। আনহাতে, শতাধিক ইজৰাইলীয়ে সমবেত কণ্ঠে 'ওঁম নমঃ শিৱায়' মন্ত্র জপ কৰিছে ভাৰতৰ দ্রুত আৰোগ্যৰ কামনাৰে ৷ এই ভিডিঅ’টো নিজৰ ইনষ্টাগ্রামৰ পেজত শ্বেয়াৰ কৰিছে ভাৰতীয় দূতাবাসৰ অধিকাৰী পৱন কুমাৰ পালে। ইয়াৰ পিছতে বহুলোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ’

উল্লেখ্য যে, ইজৰাইলে এতিয়া স্বাধীন ভাৱে নিঃশ্বাস ল’ব পাৰিছে। সেই দেশত ক’ৰ’নাক প্রায় হৰুৱাই পেলাইছে। কেৱল কঠোৰ কে’ভিড বিধি আৰু টিকাকৰণ কৰিয়ে ইজৰাইলত প্রাণ ৰক্ষা পৰিছে। এই মুহূর্তত ইজৰাইলত ক’ৰ’না-সংক্রমণো যিমান কম, ক’ৰ’না ৰোগীৰ সংখ্যাও সিমানেই কম। ফলত সেই দেশৰ মানুহে বৰ্তমান মাস্কবিহীন ভাৱে ঘৰৰপৰা বাহিৰলৈ ওলাই নিঃশ্বাস ল’ব পাৰিছে।

Your Comments