স্বনিয়োজনৰ পথ মোবাইল ফোন ৰিপেয়াৰিং

স্বনিয়োজনৰ পথ মোবাইল ফোন ৰিপেয়াৰিং

বৰ্তমান যুগত মোবাইল ফোন এটা অতি আৱশ্যকীয় আহিলা হৈ পৰিছে।ইয়াৰ সমান্তৰালভাৱে মোবাইল ফোন ৰিপেয়াৰিঙো এক লাভজনক ব্যৱসায় হৈ পৰিছে।মোবাইল ফোন ৰিপেয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰি প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিয়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে অথবা মোবাইল ফোনৰ ছাৰ্ভিচিং চেন্টাৰসমূহতো চাকৰি কৰিব পাৰে। মোবাইল ফোন ৰিপেয়াৰিঙৰ জৰিয়তেও এজন ব্যক্তিয়ে সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে। কোনো ব্যক্তিয়ে যদি নিজাববীয়াকৈ মোবাইল ফোন ৰিপেয়াৰিঙৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী হয় ,তেন্তে ব্যক্তিজনে সৰ্বপ্ৰথমে এখন স্বীকৃতিপ্ৰাপ্ত ট্ৰেইনিং চেন্টাৰ অথবা শিক্ষানুষ্ঠানত তিনিমহীয়া অথবা ছমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। স্বীকৃতিপ্ৰাপ্ত ট্ৰেইনিং চেন্টাৰসমূহত হাৰ্ডৱেৰ আৰু ছফটৱেৰ ৰিপেয়াৰিঙৰ লগতে কমিউনিকেচন কৌশল,প্ৰাথমিক কম্পিউটাৰ শিক্ষা আৰু মাৰ্কেট ৰিছাৰ্চৰ প্ৰশিক্ষণ প্ৰদান কৰে।মোবাইল ফোন ৰিপেয়াৰিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই হয় যদিও কিছুমান শিক্ষানুষ্ঠানে কোনো শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰি নিদিয়ে।মোবাইল ৰিপেয়াৰিং ব্যৱসায়ত প্ৰাথমিক পৰ্যায়ত হাৰ্ডৱেৰ ,ছফটৱেৰৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰোঁতে খৰচৰ পৰিমাণ প্ৰায় একৰ পৰা দুই লাখ টকা পৰ্যন্ত হ'ব পাৰে।মোবাইল হাৰ্ডৱেৰ যেনে বেটাৰীৰ সমস্যা,কী-বোৰ্ডৰ সমস্যা,মাইক্ৰ'ফোনৰ সমস্যা, শব্দৰ সমস্যা আৰু মোবাইলৰ ছফটৱেৰ যেনে ডাটা ডাউনলোড,মেডিয়া ডাউনলোড,পৰিচালনা প্ৰক্ৰিয়াৰ সমস্যা ইত্যাদি সমাধানৰ যোগেদি মাহিলি ২০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি।ৰিপেয়াৰিঙৰ লগতে মোবাইল ফোনত ব্যৱহৃত সামগ্ৰীসমূহৰ বিক্ৰীৰ যোগেদিও ভাল উপাৰ্জন কৰিব পাৰি।কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে মোবাইল ফোন ৰিপেয়াৰিঙৰ ছমহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম আগবঢ়ায়।ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান,চমুকৈ আই আই ইয়ে আগবঢ়োৱা প্ৰশিক্ষণৰ বাবে কোনো মাচুল নলয়।

Your Comments