নায়েগ্ৰাৰ আলোকসজ্জাত ভাৰতীয় পতাকাৰ ৰং-ক’ৰ’না কালত কাষত থকাৰ বাৰ্তা

নায়েগ্ৰা

ক’ৰ’নাৰ দ্বিতীয় ঢৌত বিধ্বস্ত ভাৰত ৷ ক’ভিড-১৯ সংক্ৰমণত মৃত্যুৰ পিছত মৃত্যুৰ খবৰ ৷ এই পৰিস্থিতিত ভাৰতৰ প্রতি সহমর্মিতা আৰু সংহতি প্রকাশ কৰি ভাৰতীয় ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈ উঠিল নায়েগ্রা জলপ্রপাত। আমেৰিকা আৰু কানাডাৰ সীমান্তৱর্তী নায়েগ্রা জলপ্রপাত শুক্রবাৰে ৰাতি ৯.৩০ বজাৰপৰা ১০বজা পর্যন্ত ভাৰতীয় ত্ৰিৰংগাৰে আলোকিত হ’ল।

নায়েগ্রা জলপ্রপাতৰ কানাডীয় অংশৰ পর্যটনৰ দায়িত্বত নায়েগ্রা পার্কছ। বিষয়টো সন্মুখলৈ আনে তেওঁলোকে। জনোৱা হৈছে, ক’ভিডৰ প্রকোপত এই মুহূর্তত সংক্রমণ আৰু মৃত্যুৰ ক্ষেত্ৰত ঊর্ধ্বমুখী ভাৰত। এই পৰিস্থিতিত ভাৰতৰ প্রতি সংহতি জনাই এই বিপর্যয় পাৰ কৰি যাবলৈ আশা প্রকাশ কৰিল তেওঁলোকে।

এই দৰে কাষত থকাৰ বার্তা দিয়াত নায়েগ্রা পর্যটনৰ দায়িত্বত থকা এই সংস্থাটোক ধন্যবাদ জনাই ভাৰতৰ মুগ্ধ নেটিজেনসকলে ।

Your Comments