ভাৰতৰপৰা ঘুৰি গ’লেই ৫ বছৰৰ জেল, জৰিমনা অষ্ট্ৰেলিয়াৰ নাগৰিকসকলৰ

Australian in india

ক’ভিডত জর্জৰিত ভাৰতৰপৰা অষ্ট্ৰেলিয়াৰ নাগৰিকসকলৰ ঘুৰি যোৱা নিষিদ্ধ কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। সেই নির্দেশ লঙ্ঘন কৰি দেশলৈ ঘুৰি গ’লে ৫ বছৰৰ জেল আৰু লগতে ৩৭ হাজাৰ পাউণ্ড জৰিমনা হ’ব পাৰে বুলি জনোৱা হৈছে। শুক্রবাৰে ৰাতি এই নির্দেশনা জাৰি কৰিছে অষ্ট্ৰেলিয়াই। এই প্রথম দেশৰ নাগৰিকসকলৰ ঘৰলৈ ঘুৰি যোৱাটো শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য হ’ব।

No entry in australia from india

সোমবাৰ ৩ মে’ৰপৰাই কার্যকৰী হ’ব এই নির্দেশনা। সেই দেশৰ স্বাস্থ্যমন্ত্রী গ্রেগ হান্টে এক বিবৃতিত জনাইছে, চৰকাৰৰ এই নজিৰবিহীন সিদ্ধান্ত একেবাৰেই সাধাৰণ ভাৱে লোৱা নহয়। অষ্ট্ৰেলিয়াত ক’ভিড সংক্ৰমণৰ বৃদ্ধি ৰোধ কৰিবলৈ আৰু জনস্বাস্থ্যৰ কথা লক্ষ্যত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। ১৫ মে’ৰ পিছত এই নির্দেশনা পুনৰায় বিবেচনা কৰি চাব চৰকাৰে।

উল্লেখ্য, চলিত সপ্তাহৰ আৰম্ভণিতেই ভাৰতৰ সৈতে বিমান চলাচল বন্ধ কৰি দিছিল অষ্ট্ৰেলিয়াই। ভাৰতত বসবাস কৰা প্রায় ৯ হাজাৰ অষ্ট্ৰেলিয়াৰ নাগৰিক আছে যিসকলৰ ভিতৰত কমেও ৬০০ জন অসুস্থ। অষ্ট্ৰেলিয়াত এই পর্যন্ত সামাজিক সংক্রমণ আৰম্ভ হোৱা নাই। আইপিএল খেলা অষ্ট্ৰেলিয়ান ক্রিকেটাৰো আছে ভাৰতত। এই অৱস্থাত অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্ত একেবাৰেই ভাল ভাৱে লোৱা নাই কোনোৱেই। মানৱাধিকাৰ সংগঠনসদূহে ইতিমধ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে।

Your Comments