"দিল্লীৰ ক'ৰ'না পৰিস্থিতি অতি গুৰুতৰ আৰু উদ্বেগজনক"-অৰৱিন্দ কেজৰিৱাল

Pic

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে শনিবাৰে এক ভয়ংকৰ সতৰ্কবাণী প্ৰদান কৰে।তেওঁ কয় যে দিল্লী চহৰখনত বিচনা, অক্সিজেন আৰু জীৱন ৰক্ষাকাৰী ঔষধ ৰেমডেচিভিৰ দ্ৰুতগতিত শেষ হৈ আহিছে।কাৰণ,বিগত ২৪ ঘণ্টাত অভূতপূৰ্বভাৱে ২৪,০০০ নতুন ক'ৰ'না সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰিছে।"ক'ৰ'না পজিটিভৰ

হাৰ ২৪ শতাংশত উপনীত হৈছিল,অৰ্থাৎ পৰীক্ষা কৰা সকলো লোকৰ ভিতৰত চাৰিজনৰ ভিতৰত এজন পজিটিভ ওলাই আহিছিল"-তেওঁ কয়।

"পৰিস্থিতি অতি গুৰুতৰ আৰু উদ্বেগজনক।ঘটনাবোৰ সঁচাকৈয়ে দ্ৰুতগতিত বৃদ্ধি পাইছে।সেইকাৰণে আমি অভাৱৰ সন্মুখীন হৈছোঁ যদিও কেইদিনমান আগলৈকে সকলোবোৰ নিয়ন্ত্ৰণত থকা যেন লাগিছিল।কিন্তু যি গতিত এই ক'ৰ'না বৃদ্ধি পাইছে,কোনেও নাজানে যে ইয়াৰ শীৰ্ষক ক'ত থাকিব"।কেজৰিয়ালে উল্লেখ কৰে।

"যিকোনো স্বাস্থ্য আন্তঃগাঁথনিৰ সীমাবদ্ধতা আছে। চৰকাৰে বিচনাৰ সংখ্যা বৃদ্ধি কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছে। মই আশা কৰোঁ যে আমি অহা দুইৰ পৰা চাৰি দিনৰ ভিতৰত আৰু ৬,০০০ বিচনা যোগ দিবলৈ সক্ষম হ'ম"।দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Your Comments