ভাৰতত ক'ৰ'নাত যোৱা ২৪ ঘণ্টাত ১,৫০১জন লোকৰ মৃত্যু হৈছে। এই সয়য়ছোৱাত দেশত নতুন সংক্ৰমণৰ সংখ্যা হৈছে ২,৬১,৫০০টা।যাৰ ফলত দেশত সংক্ৰমণৰ মুঠ সংখ্যা ১.৪৭ কোটিলৈ বৃদ্ধি হৈছে।এইটো একেধাৰে চতুৰ্থ দিন,যেতিয়া ২ লাখৰো অধিক সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰা হৈছে।
মহাৰাষ্ট্ৰ (৬৭,১২৩), উত্তৰ প্ৰদেশ (২৭,৭৩৪), দিল্লী (২৪,৩৭৫), কৰ্ণাটক (১৭,৪৮৯), আৰু ছত্তীশগড় (১৬,০৮৩) হৈছে পাঁচখন ৰাজ্য য'ত কালিৰ পৰা সৰ্বাধিক সংখ্যক সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰা হৈছে।
- Log in to post comments
- 16 views