ক'ভিড-১৯ৰ দ্রুত সংক্ৰমণ:চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দেশত পৰ্যাপ্ত চিকিৎসা ব্যৱহৃত অক্সিজেনৰ যোগান নিশ্চিত কৰাৰ বাবে এটা বিস্তৃত পৰ্যালোচনা কৰে।দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ তেওঁ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোডীয়ে দেশত পৰ্যাপ্ত চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ যোগান নিশ্চিত কৰাৰ বাবে স্বাস্থ্য,ডিপিআইআইটি,ইস্পাত আৰু পথ পৰিবহণৰ দৰে মন্ত্ৰালয়ৰ পৰা তথ্য গ্ৰহণ কৰে।পৰ্যালোচনাত প্ৰধানমন্ত্ৰীয়ে  মন্ত্ৰালয়সমূহ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সমন্বয় নিশ্চিত কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে দেশত ক'ৰ'না সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বিভিন্ন ৰাজ্যত চিকিৎসাত ব্যৱহৃত অক্সিজেনৰ নাটনিয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

Your Comments