বকোত তৃতীয় সংখ্যক ৰাভা হাছং ঊশ্বু চেম্পিয়নশ্বিপ-২০২০ৰ সামৰণি

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস: 

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত বিগত বছৰবোৰৰ দৰে এই বৰ্ষতো কামৰূপ জিলাৰ বকোত অনুষ্ঠিত কৰা হয় বাৰ্ষিক ৰাভা হাছং ঊশ্বু চেম্পিয়নশ্বিপ।ৰাভা হাছং ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু ৰাভা হাছং ঊশ্বু উপ - সমিতিৰ সহযোগত ১০ এপ্ৰিলৰ পৰা বকো মজলীয়া বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত কৰা হৈছিল প্ৰতিযোগিতাখন।উল্লেখ্য যে বকোত ঊশ্বু চেম্পিয়নশ্বিপ - ২০২০ পৰিচালনা কৰিবলৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাক সভাপতি ; খেল পৰিচালক তথা প্ৰশিক্ষক সুভাষ গয়াৰীক কাৰ্য্যকৰী সভাপতি আৰু খেল পৰিচালক দুৰ্গেশ্বৰ ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰে ঊশ্বু খেলৰ অভ্যৰ্থনা সমিতিখন। ইফালে, ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভা আৰু সম্পাদক পুষ্পাদিত্য চৌধুৰী,বকোৰ খেল প্ৰশিক্ষক গোবিন্দ দাসে জনোৱা মতে সমগ্ৰ ৰাভা হাছং এলেকাৰ ঊশ্বু ক্লাব তথা ঊশ্বু সন্থাৰ খেলুৱৈক সামৰি অনুষ্ঠিত কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বকো ঊশ্বু ক্লাব ; বকো ঊশ্বু কুমফু ক্লাব ; বামুণী গাওঁ ঊশ্বু ক্লাব ; ছয়গাঁও ঊশ্বু ক্লাব ; পান্টান ঊশ্বু ক্লাব ; ৰাণী ঊশ্বু ক্লাব ; দুধনৈ ঊশ্বু ক্লাব আৰু গোৱালপাৰা জিলাৰ গৰৈমাৰী ঊশ্বু ক্লাবৰ উপৰিও বহু ক্লাবৰ খেলুৱৈয়ে। মুঠ এশ পঞ্চাশ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত ভাগ লয়।প্ৰতিযোগিতাৰ শুভাৰম্ভণিৰ দিনা পতাকা উত্তোলন আৰু খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভাই। বকো ঊশ্বু ক্লাৱৰ উপৰিও কেইবাশতাধিক দৰ্শকৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা ; সোণাৰাম ৰাভা ; ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতা ; ম: মণিৰুদ্দিন আহমেদ ; অমৰেন্দ্ৰ অধিকাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়াবিদ।

Pic

১১ এপ্ৰিলৰ পুৱাৰে পৰা আৰম্ভ হয় ছাব-জুনিয়ৰ,জুনিয়ৰ তথা ছিনিয়ৰ পৰ্য্যায়ৰ খেলসমূহ। কেইবাটাও ওজনৰ কেটেগৰীত আয়োজন কৰা খেলত পাৰদৰ্শিতাৰ ভিত্তিত বিচাৰকে স্থান নিৰ্ধাৰণ কৰে। প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত কৰা হয় বঁটা বিতৰণী সভা। সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা ; পৰিষদৰ কাৰ্যবাহী সদস্য ফ্ৰাইলিং আৰ মাৰাক ; কামৰূপ জিলা পৰিষদৰ উপ- সভাপতি কাম্বুৰাম ৰাভা ; ৰাভা হাছং ক্ৰীড়া সন্থাৰ উপ-সভাপতি সঞ্জয় চৌধুৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথি। খেলত পাৰদৰ্শিতা দেখুওৱা প্ৰতিটো কেটেগৰীৰ খেলুৱৈক সোণ ; ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে সন্মানিত কৰা হয়। ৰমাকান্ত ৰাভাই বক্তব্য প্ৰসংগত খেলুৱৈসকলক উৎসাহ যোগাই কয় যে খেলৰ জৰিয়তে সুুস্থ সমাজ গঢ়িব পাৰি।

  

Your Comments