হাজোৰ ৰামদিয়াত 'বিহু নৃত্য আৰু ঢোল বাদন' কৰ্মশালাৰ সফল সামৰণি

*অসমীয়া জাতিৰ পৰিচয় ভাষাৰ পিছতে বিহু--এমট্ৰনৰ উপ-প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ*

#বিশেষ প্ৰতিবেদক,হাজো,১১ এপ্ৰিল:-

প্ৰকৃতিৰ বুকুত ন-ৰূপ সানি আকৌ পালেহি চেনেহৰ ব'হাগ।অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে প্ৰতিজন অসমীয়া।তেনে সময়তে ৰামদিয়া ছাত্ৰ সন্থাই আয়োজন কৰিছিল 'বিহু নৃত্য আৰু ঢোল বাদন'ৰ এক প্ৰশিক্ষণ কৰ্মশালা।হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰামদিয়া ছাত্ৰ সন্থা আৰু আলোড়ন ন্যাসৰ সহযোগত ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত আয়োজন কৰা এই প্ৰশিক্ষণ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। উঠি অহা নৱ প্ৰজন্মই যাতে বিহুৰ সৈতে চিনাকি হৈ অসমীয়া জাতি আৰু অসমৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ সন্থাই আয়োজন কৰা এই কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠান ভঠেলিখোলাত অনুষ্ঠিত কৰে।এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে এমট্ৰনৰ উপ-প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই।কৰ্মশালা উদ্বোধন কৰি উপ-প্ৰৱন্ধক কায়স্থই ভাষন প্ৰসংগত কয়, অসমীয়া জাতিৰ পৰিচয় ভাষাৰ পিছতে বিহু। জাতীয় জীৱনৰ সুকীয়া পৰিচয় বিহুৰ মাজতে নিহিত আছে। সেয়ে বিহুৰ আগমনৰ লগে লগে অসমীয়াৰ মন-প্ৰাণ নকৈ আলোড়িত হৈ উঠে।

Pic

যুৱ প্ৰজন্মক আহবান জনায় উপ-প্ৰৱন্ধক কায়স্থই পুনৰ কয়, এই কৰ্মশালাৰ জৰিয়তে উঠি অহা প্ৰজন্মই যাতে বিহুৰ সৈতে চিনাকি হৈ অসমীয়া জাতি আৰু অসমৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে তাৰে কামনা কৰে। উল্লেখ যে, বৃহত্তৰ অঞ্চলটোৰ শতাধিক যুৱক- যুৱতীৰ লগতে শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাত কুলজ্যোতি তালুকদাৰ, ডলি কাকতি,লক্ষ ডেকা, ৰিংকিমণি ডেকা, ব্ৰজেন শালৈ,ফাকুলিমা ৰাজবংশীয়ে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিল। সামৰণি অনুস্থানত আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে উপস্থিত থাকি ভাষণ প্ৰসংগত বিহুক নিখুঁত ভাৱে ব্যৱহাৰ কৰাত এই প্ৰশিক্ষণে সহায় কৰিব বুলি উল্লেখ কৰি বিহু অসমীয়া জাতিৰ আৱেগ -অনুভূতি বুলি সদৰী কৰে। বিহুৰ এই প্ৰশিক্ষণে অসমৰ নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰিব বুলিও দৃঢ়তাৰে মন্তব্য কৰে আছু নেতা গৰাকীয়ে। সদৌ কামৰূপ জিলা আছুৰ সাধাৰণ সম্পাদক পংকজ কলিতাই অসমীয়া জাতিৰ হিয়াৰ আমঠূ বিহুক জীয়াই ৰাখি বিশ্ববাসীৰ ওচৰত অসমৰ বিহুক অতি নিখুঁত ভাবে ৰূপায়ণ কৰিবলৈ সদৌটিকে আহ্বান জনায়। হাজো আছুৰ সভাপতি নৱজ্যোতি দাস, সাধাৰণ সম্পাদক তপন দাস, বিশিষ্ট সমাজকৰ্মী গনেশ ঠাকুৰীয়া, গোলাপ আলী, মহেন্দ্ৰ নাথ ডেকা, বিষ্ণুৰাম ডেকা, খগেন মজুমদাৰ, পবিন ডেকা, আলোড়ন ন্যাসৰ সমন্বয়ক অভিজিত ঠাকুৰীয়া, আছু নেতা প্ৰাণজিত দেউৰীয়া, তপন ডেকা, জিতুল মজুমদাৰকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণি অনুস্থানত স্থানীয় কেইবাটাও বিহু-কুৱৰী দলে বিহু নৃত্য প্ৰদৰ্শন কৰে। এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-প্ৰত্ৰ প্ৰদান কৰে উদ্যোক্তা সমিতিয়ে।অনুষ্ঠানটোৰ আঁঁত ধৰে আছু নেতা প্ৰাণজিৎ দেউৰীয়া আৰু দিলীপ ঠাকুৰীয়াই।

Your Comments