বকো সাহিত্য সভাৰ উদ্যোগত পহিলা ব'হাগত পালন কৰা হ'ব 'নিজৰ দিন'

Pic

#বকোৰ পৰা বিষ্ণুৰাম দাস,১১ এপ্ৰিল:

অসম সাহিত্য সভাৰ নিৰ্দেশনাত প্ৰতি বছৰে অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ব'হাগ মাহৰ ব'হাগ বিহুৰ পহিলা বহাগৰ দিনা পালন কৰা হোৱা 'নিজৰ দিন' এই বেলিও বকো সাহিত্য সভাৰ উদ্যোগত পালন কৰা হ'ব।অসম সাহিত্য সভাৰ তালিকাত শতদল শাখা হিচাপে মনোনীত হোৱা শাখা বকো সাহিত্য সভাৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাই লয় নিজৰ দিন পালন কৰাৰ সিদ্ধান্ত।

Pic

উল্লেখ্য যে বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত আৰু সম্পাদিকা বিজয়া ডেকা চহৰীয়াই আঁঁত ধৰা কাৰ্যনিৰ্বাহক সভাত শিল্পী,কবি,সাহিত্যিক আৰু সাংস্কৃতিক দিশৰ উপৰিও সামাজিক সেৱা আগবঢ়োৱা আশী উৰ্ধৰ বয়স পাৰ কৰা লোকক বকো সাহিত্য সভাৰ জড়িয়তে অসম সাহিত্য সভাৰ তৰফৰ পৰা ওলগণি পত্ৰ আৰু জাতীয় গামোচাৰে নিজৰ দিনত সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ সভাত বকো সাহিত্য সভাৰ জ্যেষ্ঠ উপদেষ্টা প্ৰহ্লাদ বড়ো,সভাৰ কোষাধ্যক্ষ গৌৰাঙ্গ ঠাকুৰীয়া,কুঁহিৰ সম্পাদিকা অলকা ৰাভা,পত্ৰিকা সম্পাদক নয়ন ৰাভা,জ্যেষ্ঠ সমাজকৰ্মী যাদৱ চন্দ্ৰ ৰাভা,সাহিত্য সভাৰ আজীৱন কৰ্মী জোনাকী দাস,দীপাঞ্জলী বিশ্বাস,সহকাৰী সম্পাদক বিষ্ণুৰাম দাসসহ বহুকেইগৰাকী সাহিত্যনুৰাগী উপস্থিত থাকে।

 

Your Comments