নলবাৰীত ধর্মপ্রাণা মহিলা পুতুলী দেৱীৰ মৃত্যু

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ সদৰ থানা অন্তৰ্গত ক্ষুদ্ৰশংকৰা গাঁও নিবাসী ধর্মপ্রাণা,অতি অমায়িক মহিলা পুতুলী দেৱীৰ ৯ এপ্ৰিলৰ পুৱাৰ ভাগত নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত  তিনিজন পুত্ৰ, তিনিগৰাকী জীয়াৰী, জোঁৱাই, নাতি-নাতিনী,পৰিনাতিসহ অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। গোটেই জীৱন ঈশ্বৰ বিশ্বাসী এইগৰাকী মহিলাই দৈনন্দিন পুৱা পাঁচ বজাতে বেল গছৰ তলত চাকি জ্বলাই ভগৱানক  পূজা-অৰ্চনাৰে প্ৰাৰ্থনা  কৰিছিল।

সমাজ শুৱনি বয়োজেষ্ঠা মহিলাগৰাকীয়ে  সমাজৰ বিভিন্ন লোকৰ চোতালত নামপ্ৰসংগ কৰি মানুহৰ প্ৰিয়ভাজন হৈ পৰিছিল। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Your Comments