--ৰাজকমল চাংকাকতি--
ভাৰতৰ হিন্দুসকলৰ ধৰ্মীয় বিশ্বাস, পূজা-অৰ্চনাত বৃক্ষ,তৰু-তৃণ আদিৰ গুৰুত্বপূৰ্ণ স্থান আছে। বৃক্ষ সংৰক্ষণ,বৃক্ষক শ্ৰদ্ধা কৰাৰ বাবে সদায় আহ্বান জনায় হিন্দুধৰ্মীয় বিশ্বাস-আধ্যাত্মিকতাই। কিন্তু ভাৰতত হিন্দু ধৰ্ম বা হিন্দু জীৱন-যাত্ৰা পদ্ধতিয়ে বিকাশ লাভ কৰাৰ পূৰ্বেই আৰাধ্য হিচাপে বিভিন্ন বৃক্ষই স্থান লাভ কৰিছিল। বৈদিক হিন্দু ধৰ্মই জন্মলাভ কৰাৰ পূৰ্বেই ভাৰতলৈ আৰ্যসকলৰ আগমনৰ আগতেই ভাৰত ভূমিত বৃক্ষক পূজা কৰা হৈছিল। অতিকৈ উন্নত হৰপ্পা সভ্যতাৰ অনাৰ্য বাসিন্দাসকলে বৃক্ষক পূজা-অৰ্চনা কৰিছিল। হৰপ্পা সভ্যতাৰ চীল-মোহৰৰ পৰা প্ৰমাণ কৰিব পাৰি যে সেই সময়ৰ মানুহৰ বাবে বৃক্ষ আছিল আৰাধ্য।
হিন্দু সমাজৰ বৃক্ষ আৰাধনাৰ ভিতৰত তুলসী পূজাক প্ৰথম স্থান দিবই লাগিব। অধিকাংশ হিন্দু মানুহৰ আবাসৰ চৌহদত তুলসী গছক অতি শ্ৰদ্ধাসহকাৰে স্থাপন কৰা হয়। বহু হিন্দুৰ চৌহদত পকীকৈ ভেটি তৈয়াৰ কৰি তাত মাটি ভৰাই তুলসী পুলি ৰোৱা হয়। বহু চৌহদত সুন্দৰকৈ তৈয়াৰ কৰা মাটিৰ ভেটিতো তুলসী পুলি ৰোপণ কৰা হয়।ধৰ্মপ্ৰাণ হিন্দু লোকে প্ৰতি পুৱা স্নান কৰাৰ পিছতেই তুলসী পুলিৰ গুৰিত পানী দি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছত দ্বাৰা পুণ্য অৰ্জন কৰা হয় বুলি ভবা হয়।সন্ধিয়া সময়তো বুজনসংখ্যক হিন্দুৰ ঘৰৰ চৌহদত তুৱসীক আৰাধনা কৰা হয়। তুলসীৰ গুৰিত বন্তি প্ৰজ্বলন কৰে ঘৰৰ মাতৃ,জীয়াৰী-বোৱাৰীয়ে।
আন দিনসমূহত নহ'লেও কাতি মাহৰ আটাইকেইটা দিনতে অসমীয়া লোকে সন্ধিয়া পৰত তুলসীৰ গুৰিত চাকি জ্বলায়।বটবৃক্ষও হিন্দু লোকসকলৰ বাবে পবিত্ৰ। বহু হিন্দু লোকে বটবৃক্ষত লক্ষ্মী দেৱীয়ে বাস কৰে বুলি বিশ্বাস কৰে আৰু বটবৃক্ষৰ গুৰিত পূজা-অৰ্চনা কৰে। শাৰদীয় দুৰ্গা পূজাত বটবৃক্ষৰ গুৰুত্বপূৰ্ণ স্থান থাকে। দুৰ্গা পূজাত ধান, অশোক,ডালিম,বেল,জয়ন্তী, হৰিদ্বাৰ,কচু,কলগছ আদিৰ পূজা কৰা হয়। ইয়াৰ উপৰি যিকোনো পূজাৰ জলপূৰ্ণ ঘটৰ মুখত পঞ্চ পল্লৱ দিয়া হয়।। সেই পঞ্চ পল্লৱ হ'ল–আঁহত,বট,জৰী,যজ্ঞ ডিমৰু আৰু আম।
শিৱৰ অধিষ্ঠান হিচাপে বেল গছৰো আৰাধনা কৰা হয়।বেলপাত,বেলফল আদিৰ প্ৰয়োজন হয় বিভিন্ন পূজা-পাৰ্বণত। হিন্দুসকলৰ পূজা-পাৰ্বণত শিলিখাও বহু সময়ত অপৰিহাৰ্য।আনহাতে,কালিকা পূজাত প্ৰয়োজন হয় নিম গছৰ। উল্লেখ্য যে, দক্ষিণ ভাৰততো নিম পূজাৰ প্ৰচলন আছে। হিন্দু লোকে বিশেষকৈ অসমৰ একাংশ হিন্দু লোকে বাঁহৰ পূজা আৰাধনা কৰে।বৃহত্তৰ কামৰূপ জিলাত উদযাপন কৰা ভঠেলি উৎসৱ,পাউৰাতোলা,গোৱালপাৰা জিলাৰ বাঁহ পূজা আদি বাঁহ পূজা-আৰাধনাৰেই উদাহৰণ।অসমত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ মাজত গছ পূজাৰ যথেষ্ট প্ৰচলন আছে। নাহৰ গছক অসমীয়া লোকসকলে পৱিত্ৰ জ্ঞান কৰে।বজ্ৰপাতে হানি-বিঘিনি নকৰাৰ কামনা কৰি নাহৰ গছৰ পাতত 'দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধাৰ' মন্ত্ৰ লিখি চালৰ পানীপোতাত খুঁচি থয় অসমীয়া লোকে।
মানসিক ৰোগত আক্ৰান্ত হোৱা লোকক ভূত-প্ৰেতে লম্ভা বুলি ধাৰণা কৰি তেওঁলোকৰ শৰীৰৰ পৰা প্ৰেতাত্মাক আঁতৰাবলৈ বিহলঙনীৰ দৰে তৰু-তৃণ ব্যৱহাৰ কৰা হয়।বিহলঙনীৰে জাৰি মানুহৰ শৰীৰৰ পৰা ভূত-প্ৰেতক আঁতৰাবলৈ ওজা-তান্ত্ৰিকে প্ৰয়াস কৰে। আনহাতে,শাওৰা গছত বনলক্ষ্মীয়ে বাস কৰে বুলি জনবিশ্বাস আছে। অসমৰ কোনো কোনো প্ৰান্তত শাওৰা গছৰ তলত হাঁহকণী,ভীমকল,চিৰা ভজাৰে বনলক্ষ্মীৰ পূজা কৰা হয়। সাধাৰণতে অনা-অসমীয়া মহিলাই এই পূজা কৰে। আদিবাসী সম্প্ৰদায়ৰ কৰম পূজাও বৃক্ষ পূজা। আদিবাসী সম্প্ৰদায়ৰ লোকসকলে কৰম গছৰ ডাল ৰাজহুৱা স্থানত প্ৰতিষ্ঠা কৰি পূজা-অৰ্চনা কৰে।
হিন্দু ধৰ্মত বৃক্ষ পূজাৰ ব্যাপক প্ৰচলনে ইয়াকে প্ৰমাণ কৰে যে এই ধৰ্মত ঈশ্বৰৰ দৰেই প্ৰকৃতিকো সদায় শ্ৰদ্ধা কৰা হয়।ঈশ্বৰৰ দৰেই প্ৰকৃতিও সদায় আৰাধ্য। আৰাধ্য বৃক্ষৰ সংৰক্ষণ অতিকৈ জৰুৰী, সেইবাবে বৃক্ষ পূজাই প্ৰকৃতি সংৰক্ষণৰো বাৰ্তা প্ৰেৰণ কৰে। অসমীয়া জনজীৱনত প্ৰচলিত তুলসী পূজা, আঁহত বৃক্ষৰ পূজা, শাৰদীয় দুৰ্গোৎসৱত বিভিন্ন বৃক্ষৰ অংশৰ পূজা, বাঁহ পূজা আদিয়ে প্ৰকৃতিৰ লগত যে অসমীয়া লোকসকলৰ জীৱন-যাত্ৰাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, তাকেই প্ৰমাণ কৰে। প্ৰায় প্ৰতিটো অসমীয়া উৎসৱেই বৃক্ষক আৰাধনা কৰাৰ লগতে বৃক্ষ সংৰক্ষণৰ বাবে আহ্বান জনায়। ৰঙালী বিহুতো বৃক্ষক শ্ৰদ্ধা জনোৱা হয়। ৰঙালী বিহুৰ সাত বিহুৰ উৰুওৱা দিনটোত উজনি অসমত বৰগছৰ গুৰিত হাঁচতি আগবঢ়োৱা হয়। তদুপৰি সাত বিহুত সাতশাকী খোৱাৰ প্ৰথা উজনি আৰু নামনি অসমৰ অধিকাংশ এলেকাত বিদ্যমান।
- Log in to post comments
- 195 views