লকডাউনৰ পৰিৱৰ্তে নৈশ সান্ধ্য আইনক ক’ৰ’না কাৰ্ফিউ হিচাপে ব্যৱহাৰৰ পৰামৰ্শ মোডীৰ

Modi

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা বৈঠকৰ পিছত মোডীয়ে ক’ভিডৰ দ্বিতীয় ঢৌ প্ৰথম ঢৌতকৈ অধিক ভয়াবহ বুলি মন্তব্য কৰাৰ লগতে কয় যে চৰকাৰে লকডাউনৰ পোষকতা নকৰে। তেওঁ জনাই যে ক’ভিডৰ সময়ত আগতে লোৱা সৱধানতাসমূহেই ব্যৱহাৰ কৰিব লাগিব ।

Tweet

বিশ্বৰ দেশ সমূহত নৈশ সান্ধ্য আইন সফল হোৱা বুলি উল্লেখ কৰি মোডীয়ে কয় নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন হোৱা উচিত ভাৰতবৰ্ষৰ ৰাজ্য সমূহতো। মোদীয়ে পৰামৰ্শ কৰে সান্ধ্য আইনক ক’ৰ’না কাৰ্ফিউ হিচাপে ব্যৱহাৰ কৰিবলৈ ।

Modi

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী গৰাকীয়ে অহা ২-৩ সপ্তাহ দেশবাসীক অধিক সতৰ্ক হৈ থাকিবলৈও আহ্বান জনায় ।

Your Comments