চৰকাৰী কাৰ্যালয়সমূহত ক'ৰ'না ভেকচিন প্ৰদানৰ প্ৰস্তুতি

Pic

দেশত ক'ৰ'নাৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পাইছে।এনে পৰিস্থিতিত জনতাক সুৰক্ষিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যাপক টীকাকৰণত অতিকৈ গুৰুত্ব দিছে।টীকাকৰণৰ গতি দ্রুত কৰিবলৈ এইবাৰ চৰকাৰী কাৰ্যালয়সমূহত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয়  চৰকাৰ।

কেন্দ্ৰই ইতিমধ্যে ৰাজ্য চৰকাৰসমূহক ৰাজ্যসমূহৰ চৰকাৰী   কাৰ্যালয়  সমূহত ভেকচিন প্ৰদানৰ প্ৰস্তুতি  সম্পন্ন  কৰিবলৈ নিৰ্দেশ দিছে।যাতে ১১ এপ্ৰিলৰ পৰা ভেকচিন প্ৰদান কৰিব পৰা যায়। যিসমূহ চৰকাৰী কাৰ্যালয়ত ১০০ গৰাকী কৰ্মচাৰীয়ে ভেকচিন লবলৈ বিচাৰিব,তাতে ভেকচিন প্ৰদান কৰা হ'ব।

Your Comments