শিৱসাগৰত আপোচবিহীন প্ৰতিবাদী সত্ত্বা হিৰণ্য কুমাৰ ভট্টাচাৰ্যলৈ শ্ৰদ্ধাঞ্জলি

Pic

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুুঢ়াগোহাঁই:

জাতীয়তাবাদী চিন্তা-চৰ্চাৰে নিজকে উজলাই তোলা তথা অবৈধ অনুপ্ৰৱেশকাৰীৰ ভয়ানক সমস্যাৰে যুঁজি যোৱা প্ৰতিবাদী সত্ত্বা,অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক, লেখক সদ্যপ্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি শিৱসাগৰ কেন্দ্ৰীয় বজাৰত অনুষ্ঠিত হৈ যায়।

শিৱসাগৰ ৱেব মেডিয়া এছ’চিয়েচন, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, আলোক সংঘই আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ জাতীয়তাবাদী চিন্তাধাৰাৰ সম্পৰ্কত বহুমূলীয়া বক্তব্য আগবঢ়ায়।

Pic

শিৱসাগৰ ৱেব মেডিয়া এছ’চিয়েচনৰ সম্পাদক প্ৰাঞ্জল পূজাৰীয়ে আঁত ধৰা অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি তৰুণ চন্দ্ৰ নাথে বক্তব্য আগবঢ়োৱাৰ লগতে সমুদ্ৰ বুঢ়াগোহাঁই, ৰাতু কুমাৰ দাস, জিনুল আহমেদ, মুস্তাকুৰ ৰহমান, প্ৰশান্ত বৰগোহাঁই, পাৰ্শ্বজ্যোতি গগৈ, কল্যাণজ্যোতি বুঢ়াগোহাঁই, ৰাজেশ সিং, দেৱজিৎ গগৈ, ফৰিদ আলি, দৰথী চেতিয়া, মিনাজ আহমেদ, মুজাকিৰ আহমেদ, চৰিফুল, চাহানা বেগমকে ধৰি বহুকেইজন সাংবাদিক উপস্থিত থাকে।

Your Comments