ছত্তীশগড়ত এনকাউন্টাৰ : ২৩ জন জোৱানৰ মৃত্যুৰ বাবে দায়ী নেকি মাওনেতা হিদমা?

ছত্তীশগড় এনকাউণ্টাৰ

ছত্তীশগড়ত সেনা-মাওবাদীৰ সংঘর্ষত শ্বহীদ হ’ল ২৩ জন জোৱান। বৰ্তমানলৈকে আহত হৈছে ৩১ জন। ছত্তীশগড়ৰ ঘন জঙ্গলত মাওনেতা হিদমা লুকাই থকাৰ খবৰ গোপন সূত্রে পায় চিকমা-বিজাপুৰ সীমান্তত এনকাউন্টাৰ অভিযান চলাই আৰক্ষীয়ে। কিন্তু সময়ৰ সৈতে চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে এই ঘটনাত। জোৱানসকলক প্ৰকৃততে ফান্দত পেলাবলৈ চেষ্টা কৰিছিল মাওবাদীসকলে। জানিবলৈ পোৱা গৈছে, যি ঠাইত মাও নেতা হিদমা থকাৰ কথা বুলি সেনা বাহিনীক তথ্য দিয়া হৈছিল, সেই ঠাইত আগৰ পৰাই সশস্ত্র মাওবাদীসকলে অপেক্ষা কৰি আছিল। সেনা বাহিনী এনকাউণ্টাৰ অভিযানত নমাৰপিছৰ পৰাই তাত চলি থাকে গুলি। যদিও এই অভিযোগৰ সত্যতা এতিয়াও সন্মুখলৈ অহা নাই। 

জানিবলৈ পোৱা গৈছে, এই হিদমা হ’ল তাবড় মাওবাদী নেতা। সম্প্রতি যাৰ মুৰৰ মূল্য ৪০ লাখ টকা। এই নেতা থকাৰ টোপ দিয়েই সম্ভৱতঃ জোৱানসকলৰ ওপৰত আক্ৰমণ চলে। ৪০ বছৰ বয়সীয়া এই হিদমা চুকমা জিলাৰ পূভার্তি গাঁৱৰ এজন আদিবাসী নেতা। নব্বৈৰ দশকত মাওবাদীসকলৰ দলত যোগ দিছিল। পিপলছ্‌ লিবাৰেচন গৰিলা আর্মি নামৰ সংগঠন চলাইছিল হিদমাই। ক্ষিপ্র আৰু মাৰণাত্মক হত্যাৰ বাবে কুখ্যাত এই নেতা। মাওবাদী দণ্ডকাৰণ্যৰ বিশেষ আঞ্চলিক কমিটিৰ সদস্যও তেওঁ। চিপিআই (মাওবাদী) ৰ কনিষ্ঠতম সদস্য হিদমা। বহুদিন ধৰি গোপনে থকা এই মাও নেতাৰ কোনো সাম্প্রতিক ছবি নাই। ভিম মাণ্ডবী হত্যাৰ ঘটনাত ইতিমধ্যে তেওঁৰ বিৰুদ্ধে চার্জশ্বিট আছে।  

ছত্তীশগড়ৰ মাওবাদী এনকাউন্টাৰত পানীৰ অভাৱৰ ফলতো কিছু জোৱানৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আহত সহকর্মীসকলক কান্ধত লৈ ঘুৰি অহাৰ সময়ত পানী বা খাদ্য বেগপৰা উলিয়াই ওজন কমাব লগা হয়। ফলত ঘুৰি অহাৰ পথত পানীৰ অভাৱত বহু কেইজন জোৱানৰ মৃত্যু হয় বুলিও দাবী কৰা হৈছে। বর্তমান মাওবাদীসকলৰ সন্ধানত উক্ত এলেকাত তালাছী চলাইছে জোৱানসকলে।

Your Comments