কলাইগাঁৱত সুধাকণ্ঠৰ ওপজা দিনত বন্তি প্ৰজ্জ্বালন আছুৰ

কলাইগাঁৱত সুধাকণ্ঠৰ ওপজা দিনত বন্তি প্ৰজ্জ্বালন আছুৰ

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯২সংখ্যক ওপজা দিন সমগ্ৰ অসমৰ লগতে কলাইগাঁৱতো পালন কৰা হয় । কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্জ্বালন কৰা হয় ।

কলাইগাঁৱত সুধাকণ্ঠৰ ওপজা দিনত বন্তি প্ৰজ্জ্বালন আছুৰ

কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃন্ময় হাজৰিকাই প্ৰতিচ্ছবিত মাল‍্যাৰ্পণ কৰাৰ পিছতে সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কিশোৰ বড়াই বন্তি প্ৰজ্জ্বালন কৰি সুধাকণ্ঠগৰাকীক শ্ৰদ্ধা জনায় ।

কলাইগাঁৱত সুধাকণ্ঠৰ ওপজা দিনত বন্তি প্ৰজ্জ্বালন আছুৰ

কাৰ্যসূচীত প্ৰাক্তন ছাত্র নেতা অৰূপ কুমাৰ শৰ্মা, টংকেশ্বৰ বৰুৱা, দীপক ডেকা, ওদালগুৰি জিলা ভোজপুৰী যুৱ-ছাত্র পৰিষদৰ সভাপতি কেদাৰ নাথ গুপ্তাৰ লগতে কলাইগাঁও আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকল আৰু স্থানীয় ব‍্যৱসায়ীসকল উপস্থিত থাকে ।

Your Comments