কলাইগাঁৱত পথ দুঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰী

কলাইগাঁৱত পথ দুঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰী

ওদালগুৰি জিলাৰ কলাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত ১নং কমাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ এজনী ছাত্ৰী আজি এক পথ দুঘটনাত গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৷

ঘটনা ৰবিৱৰণী অনুসৰি, মঙলদৈ থানাৰ অন্তৰ্গত কমাৰপাৰা গাঁৱৰ সত্য বৰুৱাৰ কন্যা তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী চায়ামণি বৰুৱাই প্ৰতিবেশী আত্মীয় এজনৰ অটোত উঠি বিদ্যালয়লৈ আহোঁতে ৰঙামাটি-কলাইগাঁও মেকেঞ্জি পথত নামি বিদ্যালয়লৈ যাবলৈ ওলাওঁতেই বিপৰীত দিশৰ পৰা অহা গ্লেমাৰ বাইক এখনে প্ৰচণ্ড খুন্দা মাৰে ।

দুৰ্ঘটনাত ছাত্ৰীগৰাকীৰ বাঁও ভৰিখন ভগাৰ লগতে মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত কণমানি ছাত্ৰীগৰাকীক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

জানিব পৰামতে, চিকিৎসালয়ত ছাত্ৰীগৰাকী ভৰ্তি কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে । 

Your Comments