ফ্লেটৰপৰা উদ্ধাৰ কৰা হ’ল বিজেপি সাংসদৰ উলমি থকা মৃতদেহ। ঘটনাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ এলেকাত। হিমাচলপ্রদেশৰ মাণ্ডিৰ সাংসদ ৰাম স্বৰূপ শর্মাৰ দিল্লী স্থিত ঘৰৰপৰা বুধবাৰে ৰাতিপুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। সাংসদ জনৰ ঘৰৰ এজন কর্মচাৰীৰ পৰা খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী।
দিল্লী আৰক্ষীৰ সূত্রৰ পৰা পোৱা খবৰ অনুসৰি, সাংসদজনৰ ঘৰৰপৰা তেওঁৰ উলমি থকা দেহ উদ্ধাৰ হৈছে। দুৱাৰ ভাঙি দেহ উদ্ধাৰ কৰা হয়। সাংসদ শৰ্মাৰ বয়স হৈছিল ৬৩ বছৰ। অস্বাভাৱিক মৃত্যুৰ কাৰণ বিচাৰি তৎপৰ আৰক্ষী। আত্মহত্যা নে ইয়াৰ অন্তৰালত অন্য কোনো কাৰণ আছে তাৰ অনুসন্ধান কৰি আছে আৰক্ষীয়ে ।
মৃতদেহ পোষ্টমোৰ্টেমৰ বাবে পঠোৱা হৈছে। পিছত ৰাজ্যিক সন্মানেৰে সাংসদজনৰ শেষকৃত সম্পন্ন কৰা হয় ৷ ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল বিজেপিৰ নেতৃত্ব সকল। ঘটনাস্থলীত উপস্থিত হৈছিল কেন্দ্রীয় অর্থ প্রতিমন্ত্রী অনুৰাগ ঠাকুৰো। আনহাতে শর্মাৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে বুধবাৰে ৰাতিপুৱা নির্ধাৰিত সংসদীয় পার্টিৰ বৈঠক বাতিল কৰিছে বিজেপিয়ে।
উল্লেখ যোগ্য যে, ১৯৫৮ চনত মাণ্ডি জিলাৰ জলপাহাৰ গাঁৱত জন্ম ৰাম স্বৰূপ শর্মাৰ ৷ ২০১৪ চনত প্রথম সাংসদ হিচাপে নির্বাচিত হৈছিল শর্মা। ২০১৯ চলৰ লোকসভা নির্বাচনত মাণ্ডিৰপৰা পুনৰ জয় লাভ কৰিছিল তেওঁ।
তেওঁ বিদেশ বিষয়ক স্থায়ী কমিটি আৰু বিদেশমন্ত্রালয়ৰ পৰামর্শক কমিটিৰ সদস্য আছিল।
- Log in to post comments
- 14 views