ডিমাকুছিত ডাম্পাৰ-বাইকৰ মখামুখী সংঘৰ্ষত নিহত ১

ডিমাকুছিত ডাম্পাৰ-বাইকৰ মখামুখী সংঘৰ্ষত এজন নিহত

ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ডিমাকুছি বজাৰৰ চেণ্ট্ৰেল বেংকৰ সমীপত আজি দিনৰ প্ৰায় ১২.৩০মান বজাত এক পথ দুৰ্ঘটনা সংঘতিত হয় ।

জানিব পৰামতে, এ এছ-০১ ডি ডি-০৪৮৬ নম্বৰৰ ট্ৰাক আৰু এ এছ-০১ এইচ চি-৭৮৪৫ নম্বৰৰ ডাম্পাৰ এখনৰ মাজত এ এছ-০১ এ এইচ-৮৪২৪ নম্বৰৰ বাইকখন প্ৰৱেশ কৰাত প্ৰথমে ট্ৰাকখনৰ সন্মুখৰ ভাগত বাইকখন লাগি পৰি যোৱাত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰখনে মহতিয়াই নিয়াত থিতাতে এজন নিহত হয় আৰু আন এজন আহত হয় ।

প্ৰাপ্ত বাতৰি অনুসৰি, ডিমাকুছি গাঁৱৰ দিজেন চহৰীয়াৰ পত্নী তুলিকা চহৰীয়া (৩৫) থিতাতে নিহত হয় । আনহাতে, আহত ব‍্যক্তিগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ডিমাকুছি আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ।

Your Comments