ওদালগুৰিত প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ কৃতী শিক্ষকক সম্বৰ্ধনা

ওদালগুৰিত প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ কৃতী শিক্ষকক সম্বৰ্ধনা

ওদালগুৰি জিলা প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ উদ‍্যোগত আৰু ওদালগুৰিবাসী ৰাইজৰ সহযোগত ৫ আৰু ৬ ছেপ্টেম্বৰত দুদিনীয়াকৈ শিক্ষক দিৱস উদ্‌যাপন কৰে । আজি অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত দৰং-ওদালগুৰি জিলাৰ মুঠ ১৮গৰাকী অৱসৰী কৃতী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰে ।

ওদালগুৰিত প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ কৃতী শিক্ষকক সম্বৰ্ধনা

শিক্ষক দিৱস উদ্‌যাপন সমিতিৰ সম্পাদক দিলীপ বড়াই আঁতধৰা মুকলি সভাখন সঞ্চালনা কৰে অৱসৰী শিক্ষক তথা উদ্‌যাপন সমিতিৰ সভাপতি নৰেশ্বৰ ডেকাই । টংলা মহাবিদ‍্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক দিলীপ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি কয় যে ছাত্ৰৰ চকুৰ সপোন আৰু বুকুৰ আশা বাস্তৱায়িত কৰিব পৰাটোহে এগৰাকী শিক্ষকৰ মূল আদৰ্শ ।

ওদালগুৰিত প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ কৃতী শিক্ষকক সম্বৰ্ধনা

আনহাতে, ২০৩০ চনত চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস হোৱাৰ আশকা ব‍্যক্ত কৰি চৰকাৰে ব‍্যক্তিগতকৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলিও কয় । সভাসনত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাইও বক্তব্য ৰাখে ।

ওদালগুৰিত প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ কৃতী শিক্ষকক সম্বৰ্ধনা

ওদালগুৰি জিলা প্ৰাক্তন আলফা ঐক‍্যমঞ্চৰ সভাপতি ধজেন দাস উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানখন আঁতধৰে ঐক‍্যমঞ্চৰ সম্পাদক অৰুণ শইকীয়াই ।

Your Comments