শিক্ষা বিভাগৰ এখন নগ্ন ছবি । শিক্ষক দিৱসৰ দিনাই প্ৰখৰ ৰ'দত এজন সভাপতিৰ নেতৃত্বত বিদ্যালয় চৌহদতে এজাক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ । অভিযোগ মতে, বিদ্যালয়ৰ সভানেত্ৰী লেখামণি হীৰাই বিদ্যালয়ৰ উন্নয়নৰ ধন আত্মসাৎ কৰে ।
নগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত হাতীগড় বামুণীথান প্ৰাথমিক বিদ্যালয়ত চলিছে সভাপতিৰাজ । শিক্ষক নহয়, এজন সভাপতিৰ নিৰ্দেশত চলে বিদ্যালয় । হয়, শিক্ষক দিৱসৰ দিনা নগাঁও জিলাৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ সভাপতি সুভাষ দাসৰ নেতৃত্বত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এক প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে বিদ্যালয়ৰ পূৰ্বৰ সভাপতি লেখামণি হীৰাই বিদ্যালয়লৈ অহা উন্নয়নৰ ধনকে ধৰি বিভিন্ন ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ আনিছিল বৰ্তমানৰ সভাপতি সুভাষ দাসে ।
এই ক্ষেত্ৰত সভাপতিজনে লাওপানী আৰক্ষী চকীত এক গোচৰ তৰিছে । কিন্ত সভাপতিজনে শিক্ষক দিৱসৰ দিনা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক লৈ এক প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰখৰ ৰ'দত দিনৰ ১২ বজাত ছাত্ৰ-ছাত্ৰীক লৈ কৰা এই প্ৰতিবাদে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে বিদ্যালয় চৌহদত এইদৰে সভাপতিগৰাকীয়ে ছাত্ৰ ছাত্ৰীক লৈ প্ৰতিবাদ কৰাটো কিমান গ্ৰহণযোগ্য সেইটোৱে ৰহস্যৰ সৃষ্টি কৰিছে আৰু সভাপতিগৰাকীৰ এই কাৰ্যক কিমান সহজভাৱে ল'ব সেইটোহে লক্ষণীয় হ'ব ।
- Log in to post comments
- 44 views