লাইকা-দধিয়াবাসীৰ পুনৰসংস্থাপনৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম বিধানসভাৰ সভাকক্ষত বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত  লাইকা-দধিয়া বনাঞ্চলৰ গাঁওবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো আলোচনা কৰে।

লাইকা-দধিয়াৰ পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে স্থায়ী সমাধান উলিয়াবলৈ শ্ৰী সোণোৱালে মন্ত্ৰী , বিধায়ক আৰু জ্যেষ্ঠ বিষয়াসকলেৰে সৈতে এখন সমিতি গঠন কৰিছে। ২০২১ বৰ্ষৰ ৩১ জানুৱাৰীৰ ভিতৰত যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে।

এই সংক্ৰান্তীয় সকলো প্ৰক্ৰিয়া সঠিকভাৱে কাৰ্যকৰী কৰাৰ লগতে পুনৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিৰে সমাধা কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

Your Comments