ওদালগুৰিত হাতী-মানুহৰ সংঘাতত নিহত এজন

ওদালগুৰিত হাতী-মানুহৰ সংঘাতত নিহত এজন

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সিমান্তৱৰ্তী ৩নং আমজুলিত বুধবাৰে পুৱাই এগৰাকী লোকক হাতীয়ে আক্ৰমণ কৰি নিহত কৰাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰামতে, গাঁওখনৰ বিনাশ বসুমতাৰী নামৰ ব‍্যক্তিগৰাকী পুৱা শোৱাপাটীৰ পৰা উঠি প্ৰাতভ্ৰমণলৈ যাওঁতে হাবীৰ পৰা নামি অহা হাতীৰ জাকে ব‍্যক্তিগৰাকীক আক্ৰমণ কৰে ।

বিনাশ বসুমতাৰীৰ মৃত‍্যুৰ খৱৰ পোৱাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
 

Your Comments