কলাইগাঁৱত ব্ৰজপাত পৰি মহিলাৰ মৃত্যু 

কলাইগাঁৱত ব্ৰজপাত পৰি মহিলাৰ মৃত্যু 

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত পুঠিয়াখাট গাঁৱৰ জমিলা বেগম (৪২) নামৰ এগৰাকী মহিলা আজি প্ৰাতঃকালতে ব্ৰজপাত পৰি শোকাৱহভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা প্ৰায় ৫.৩০ বজাত দৰিদ্ৰতাৰ সতে সহাৱস্থান কৰা হুছেইন আলী নামৰ লোক এজনৰ পত্নী জমিলা বেগমে ঘৰৰ চোতালত মুখ ধুবলৈ লওঁতেই বৰষুণৰ মাজতে ব্ৰজপাত পৰি অচেতন হৈ ঢলি পৰে ।

প্ৰতিবেশী লোকে ততাতৈয়াকৈ তেওঁক কলাইগাঁও ৰাজ্যিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত স্বামীসহ দুগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায় ।

Your Comments