
উটকিয়াভিক হৈছে উত্তৰ মেৰুত অৱস্থিত আলাস্কাৰ এখন চহৰ ৷ এই বৃহৎ চহৰখন অৱস্থিত আৰ্কটিক বৃত্তত ৷ বেৰ’ বুলিও জনা যায় এই চহৰখনক ৷
সকলোতকৈ আচৰিত কথাটো কি জানেনে? এই চহৰখনত সূৰ্য শেষবাৰৰ কাৰণে দেখা গৈছিল বৃহস্পতিবাৰে দুপৰীয়া ১২.৫৫ বজাৰপৰা সেইটো দিনৰে দুপৰীয়া ১.২৯ বজালৈকে ৷ এই চহৰখনত সূৰ্য পুনৰ উদয় হ’ব অহা বছৰ ২২ জানুৱাৰীত ৷ অৰ্থাৎ সম্পূৰ্ণ ২ মাহৰ পিছত ৷
একেদৰে এইখন চহৰতেই গ্ৰীষ্মকালত দুমাহৰ বাবে সূৰ্য অস্ত নাযায় ৷
পৃথিৱীৰ প্ৰান্তত অৱস্থিত বাবে আলাস্কাৰ উটকিয়াভিক চহৰত এনে হয় ৷
- Log in to post comments
- 11 views