
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজকে চীন বিৰোধী বুলি দাবী কৰাৰ সময়তেই দৃষ্টিগোচৰ হয় চীনৰ বেংকত থকা ড’নাল্ড ট্ৰাম্পৰ বেংক একাউণ্ট ৷
মাৰ্কিন সংবাদ মাধ্যম নিউয়ৰ্ক টাইমচে্ পোহৰলৈ অনা এই তথ্য সঁচা বুলি স্বীকাৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
এই তথ্য সদৰি হোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকীৰ অধিবক্তাই ট্ৰাম্পৰ পক্ষত কয় যে চীনৰ বেংকত যদিও ড’নাল্ড ট্ৰাম্পৰ সক্ৰিয় বেংক একাউণ্ট আছে,সেই একাউণ্ট বৰ্তমান অব্যৱহৃত আৰু সেই একাউণ্ট খোলা হৈছিল ব্যৱসায়িক সূত্ৰেহে ৷
চীনৰ বেংকত থকা সেই বেংক একাউণ্টৰ বাবে ট্ৰাম্পে ১,৮৮,৫৬১ ডলাৰ কৰ আদায় দিব লগা হয় ৷
- Log in to post comments
- 20 views