
১৯৩৩চনৰ নৱেম্বৰত পশ্চিমবংগত জন্ম গ্ৰহণ কৰা ভাৰতৰ সু-সন্তান নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে লাভ কৰিছে ফ্ৰংকফুৰ্ট গ্ৰন্থমেলাৰ শান্তি বঁটা ৷
দেওবাৰে ফ্ৰাংকফুৰ্ট পাউল গীৰ্জাত অনুষ্ঠিত এক অনুষ্ঠানত ঘোষণা কৰা হয় এই বিষয়ে ৷
উল্লেখযোগ্য যে এই আন্তৰ্জাতিক শান্তিৰ বঁটা সাহিত্য, বিজ্ঞান, কলাৰ ক্ষেত্ৰত বিশ্বলৈ শান্তি কঢ়িয়াই অনা মহান লোকসকলক সন্মান জনাই প্ৰদান কৰা হয় ৷ জাৰ্মানীৰ গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ ব্যৱসায়ীসকলৰ উদ্যোগত ১৯৫০চনৰ পৰা এই বঁটা বাৰ্ষিকভাৱে প্ৰদান কৰি অহা হৈছে ৷
- Log in to post comments
- 28 views