
অব্যাহত আছে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যুদ্ধ।এই যুদ্ধত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আজাৰবাইজান।বৰ্তমানলৈকে দেশখনৰ ৩,০০০ত অধিক সৈনিকৰ মৃত্যু হৈছে।৪,৪০০ বৰ্গ কি:মি:ৰ নাগ'ৰ্ন'-কাৰাবাখ এলেকাৰ দখলৰ বাবে দুয়োখন দেশৰ মাজত তয়াময়া ৰণ চলিছে।আনহাতে,যুদ্ধত দুয়োখন দেশৰে যথেষ্টসংখ্যক সাধাৰণ নাগৰিকো আহত-নিহত হৈছে।এই যুদ্ধত আৰ্মেনিয়াৰ মুখ্য সহায়কাৰী ৰাষ্ট্ৰ হৈছে ৰাছিয়া আৰু আজাৰবাইজানৰ মুখ্য সহায়কাৰী দেশ হৈছে তুৰ্কী।
- Log in to post comments
- 61 views