নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাৰ বিভিন্ন গাঁঁৱত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানৰে মুঠ আঠটা আঁঁচনিৰ কামৰ শুভাৰম্ভণি কৰে৷পুৱা ১১ বজাত বিধায়কগৰাকীয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফণীনাথ লহকৰ সমন্বিতে একাংশ দলীয় কৰ্মীক লগত লৈ চতমা ব্ৰাক্ষণছমাৰকুছি চুবুৰীৰ এটা পথৰ শুভাৰম্ভণি কৰে৷ইয়াৰ পিচতে ক্ৰমে লৰমা বটাকুছিৰ কালীমন্দিৰৰ সভাঘৰ,২নং লৰমাবটাকুছিত এটি পথ,লৰমা কালিমন্দিৰ পুখুৰীৰ গাৰ্ড ওৱাল,পূৰ্ণদৈচপৰা হৰেকৃষ্ণ মন্দিৰকে ধৰি কেইবা লাখ টকাৰ অনুদানৰে আৱন্টিত মুঠ সোতৰটা আঁঁচনিৰ আঠটাৰ শুভাৰম্ভণি কৰে৷আঁঁচনিৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে কয় যে অন্য কিছু দল-সংগঠনে বিজেপিক সাম্প্ৰদায়িক দল বুলি অপপ্ৰচাৰ চলাই আছে৷আমি কিন্তু জাতপাত বিচাৰ নকৰোঁঁ।আমি সকলো সম্প্ৰদায়ৰে উন্নয়ন বিচাৰোঁঁ।জাতপাতৰ বিচাৰ কৰি কোনো আঁঁচনিয়ে ৰূপায়ন কৰা নাই৷কাৰ্য্যসূচীত বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সম্পাদক মৃগেন শৰ্মা,প্ৰাক্তন সম্পাদক চন্দন ডেকা,পঞ্চায়ত সচিব শংকৰ পণ্ডিত,কনিষ্ঠ অভিযন্তা কৰুণা হালৈৰ উপৰিও দলীয় কাৰ্য্যকৰ্তাসকলে সহযোগিতা কৰে৷
- Log in to post comments
- 18 views