ঋতু পৰ্ণ শৰ্মা,নগাঁও:
স্বামী প্ৰেমেশ্বৰ বৰদলৈয়ে প্ৰতিষ্ঠা কৰা 'পঞ্চৰত্ন পুতলা থিয়েটাৰ' নামেৰে এটি ভ্ৰাম্যমাণ পুতলা থিয়েটাৰ দল কিছু আধুনিকীকৰণৰে পৰিচালনা কৰি অহা শিল্পী পুতুলী বৰদলৈৰ বিয়োগ ঘটিছে।স্বামীৰ ২০০৫ চনত মৃত্যুৰ পিছত অতি কষ্টসাধ্যভাৱে মধ্য অসমৰ পুতলা নাট্যদলটিৰ প্ৰযোজিকাৰ দায়িত্ব গ্ৰহণ কৰা পুতুমাই বৰদলৈৰ সোমবাৰে পুৱা ১০:২০বজাত নগাঁও জিলাৰ ভালুকমাৰীৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে।উল্লেখ্য যে প্ৰযোজিকাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ কিছুদিন গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিটিউটত চিকিৎসাধীন হৈ আছিল। তদুপৰি,ভালুকমাৰীৰ সমাজ-জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অমায়িক আৰু সৰবৰহী মহিলাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধ বাসগৃহত উপস্থিত হৈ তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে।৫২ বছৰত পৰলোক প্ৰাপ্তি হোৱা বৰদলৈয়ে মৃত্যুৰ সময়ত দুই পুত্ৰ,ভগ্নী,বোৱাৰী,নাতি-নাতিনীকে ধৰি বহু ইষ্ট কুটুম্বক এৰি যায়।পুতুমাই বৰদলৈৰ মৃত্যুত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
- Log in to post comments
- 24 views