বঙাইগাঁও জিলা প্ৰশাসনৰ শোক দিৱস পালন:ধেমাজিত স্বাধীনতা দিৱসৰ বিস্ফোৰণত নিহতক সোঁৱৰণ

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

বিগত ২০০৪ চনত ধেমাজি জিলাৰ স্বাধীনতা দিৱস উদযাপনৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সমগ্ৰ অসমৰ লগতে দেওবাৰে বঙাইগাঁও জিলাতো শোক দিৱস পালন কৰা হয়।২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ধেমাজিত উগ্রপন্থীৰ দ্বাৰা নিৰীহ লোকৰ হত্যাৰ যি মৰ্মান্তিক ঘটনা ঘটিছিল,প্রতিবছৰে উক্ত ঘটনাত প্ৰাণ হেৰুৱাসকলক সুঁৱৰি এই শোক দিৱস পালন কৰা হয়।এই উপলক্ষে পুৱা ১১ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিহতসকলক স্মৰণ কৰি শোক দিৱস পালন কৰা হয়। হিংসা-সন্ত্ৰাসক প্ৰশ্ৰয় নিদি তাৰ বিৰুদ্ধে থিয় দি শান্তি-ঐক্য-সংহতি বজাই ৰখাৰ বাবে জিলা উপায়ুক্ত ডা° লক্ষ্মীপ্ৰিয়াই সকলোকে শপত বাক্য পাঠ কৰায়।তাৰ পিছত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱাৰ লগতে পুষ্পাঞ্জলিৰে বিদেহ আত্মাৰ প্ৰতি শ্রদ্ধা নিবেদন কৰা হয়।জিলাখনৰ যিবোৰ স্থানত দেশৰ জাতীয় পতাকা উত্তোলন কৰা হয়,সেই স্থানসমূহত জাতীয় পতাকা দেওবাৰৰ উক্ত দিনটোত অর্ধনমিত ৰখা হয়।এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্তকে ধৰি অতিৰিক্ত উপায়ুক্তসকল,সহকাৰী আয়ুক্তসকল তথা অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।


 

Your Comments