নলবাৰীত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন:সাংসদ-বিধায়কৰ অংশগ্ৰহণ

নলবাৰী

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকাৰ প্ৰতিবেদনঃ

আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলাত আৰক্ষী নিৱেশ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত পূৰৱী কোঁঁৱৰে।পতাকা উত্তোলন কৰি দিয়া ভাষণত উপায়ুক্তগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধী তথা স্বাধীনতা সংগ্ৰামীসকললৈ শ্ৰদ্ধা নিবেদন কৰে।লগতে,স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা সমূহ বিশিষ্ট ব্যক্তি,বিষয়া-কৰ্মচাৰী, সাংবাদিকসকল আৰু নলবাৰীবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।তেওঁ ভাষণ প্ৰসংগত জিলাখনৰ সমূহ ক'ৰ'না যোদ্ধা চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকললৈ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।লগতে, জিলাখনত ৰূপায়ন কৰি থকা বিভিন্ন বিভাগীয় উন্নয়নমূলক আঁচনিসমূহৰ চমু খতিয়ান দাঙি ধৰে।আজি স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী বাহিনী তথা গৃহৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদনো তেওঁ গ্ৰহণ কৰে।উল্লেখ থাকে যে এই বছৰ ক'ভিড-১৯ মহামাৰীৰ বাবে সামাজিক দূৰত্ব,সীমিত উপস্থিতি তথা চমু কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা হয় । লগতে মাস্ক পৰিধান আৰু ছেনিটাইজেচনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

নলবাৰী

আজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই এখন এম্বুলেন্স আনুষ্ঠানিকভাৱে নলবাৰী স্বাস্থ্য বিভাগৰ হাতত অৰ্পণ কৰে।উল্লেখযোগ্য যে জিলাখনত বিভিন্ন বিভাগৰ অধীনত জনাবলগীয়া সম্বৰ্ধনা বা বঁটা ঘৰে ঘৰে গৈ দিয়া হ'ব।এইবছৰ স্বাধীনতা যুঁজাৰুসকলক আগতীয়াকৈ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানৰ আঁত ধৰে জিলা উন্নয়ন আয়ুক্ত কৃষ্ণা বৰুৱাই।স্বাধীনতা দিৱসৰ অনুষ্ঠানত সাংসদ নৱ শৰণীয়া , সাংসদ দিলীপ শইকীয়া,বিধায়ক অশোক শৰ্মা, জিলা পৰিষদৰ সভাপতি নিতুল ডেকা আদি কৰি বিশিষ্ট ব্যক্তিসকল,বিষয়া-কৰ্মচাৰী, সাংবাদিকসকল আৰু সীমিত সংখ্যক নাগৰিক উপস্থিত থাকে।

Your Comments