ঐতিহ্যমণ্ডিত বাৰঘৰীয়া বাৰগোপাল থানত চুৰি

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোৱাৰকুঁছি গাঁঁৱত অৱস্থিত    ঐতিহ্যমণ্ডিত বাৰঘৰীয়া বাৰগোপাল থানৰ মূল প্ৰণামী বাকচ ভাঙি টকা-পইচা,সোণ-ৰূপৰ আাঙুঠি ১৩ আগষ্টৰ নিশা চোৰে চুৰি কৰি লৈ যায়।শুকুৰবাৰে পুৱা দেউৰী প্ৰতাপ দাসে মন্দিৰত বন্তি জ্বলাবলৈ গৈ প্ৰণামীৰ বাকচ ভাঙি থকাটো প্ৰত্যক্ষ কৰে।

Pic

লগে লগে তেওঁঁ উক্ত ঘটনাটো মন্দিৰ পৰিচালনা সমিতিক অৱগত কৰে।পৰিচালনা সমিতিৰ অনুৰোধ মৰ্মে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী  ঘটনাস্থলীত উপস্হিত হৈ পৰিস্থিতিৰ বুজ লয়।স্থানীয় ৰাইজে চুৰিকার্যৰ লগত জড়িত আটাইকে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী বিষয়াগৰাকীক আহ্বান জনাইছে।উল্লেখ্য যে বিগত সময়ত থানত চুৰি কার্য সংঘটিত হৈছিল যদিও চোৰে নিজেই আহি থানত শৰণাপন্ন হ'বলৈ বাধ্য হৈছিল।

Your Comments