জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত দুই আৰক্ষী জোৱান শ্বহীদ

Jammu-Kashmir

স্বাধীনতা দিৱসৰ পূৰ্বক্ষণত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।শুকুৰবাৰে পুুুৱা সন্ত্ৰাসবাদীৰ দ্বাৰা এটা আক্ৰমণৰ ঘটনা সংঘটিত হয়।শ্ৰীনগৰৰ সমীপৰ নৌগাম বাইপাছ এলেকাত আৰক্ষীৰ এটা দলৰ ওপৰত আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।এই আক্ৰমণত দুজন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়।আহত হয় আন এজন আৰক্ষীৰ লোক।অৱশ্যে এই পৰ্যন্ত এই আক্ৰমণৰ আঁৰত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত আছে,সেই কথা পোহৰলৈ অহা নাই।

Your Comments