বঙাইগাঁৱত কবৰস্থানো কণ্টেইনমেণ্ট জ'নঃ মৃতদেহ লৈ প্ৰতিবাদ 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত কবৰস্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে  কোভিড- ১৯ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কবৰস্থানসহ বৃহৎ অঞ্চলটোক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি কবৰস্থানলৈ অহা- যোৱা কৰা দুয়ো দিশৰ পথৰ মাজত বাঁহৰ বেৰিকেড লগাই পথচোৱাৰে লোকৰ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিছে ৷ ইমানলৈ সকলো ঠিকেই আছিল ৷ কিন্তু এগৰাকী বৃদ্ধাৰ মৃতদেহৰ জানাজা  প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ কবৰস্থানলৈ অনাৰ সময়তহে লাগিল অথন্তৰ ৷ কাৰণ কৰবস্থানলৈ মৃতদেহ কঢ়িয়াই নিয়া পথৰ মাজত প্ৰশাসনে বাঁহৰ বেৰিকেড দি বন্ধ কৰি দিছে পথ ৷ মৃতদেহটো নিব কেনেকৈ ? ইয়াকে লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখ্য যে জহৰা বেওৱা ( ৭৫ ) নামৰ মহিলা গৰাকীৰ বুধবাৰে নিশা মৃত্যু ঘটিছিল নিউ ক’লনীৰ নিজ ঘৰতে।বৃহস্পতিবাৰে পুৱা বৃদ্ধাগৰাকীৰ মৃতদেহটো কবৰস্থ কৰিবলৈ লৈ অহা হৈছিল কবৰস্থানলৈ।কিন্তু কবৰস্থানৰ পথ বন্ধ থকাত এই মৃতদেহটোক লৈ বিপাঙত পৰিব লগীয়া হয় মৃতদেহ কঢ়িয়াই অনা লোকৰ লগতে পৰিয়ালৰ লোক।অৱশেষত মৃতদেহৰ লগত অহা লোকসকলৰ লগতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে আৰু বাঁহৰ বেৰিকেডৰ সন্মুখতে তথা পথত মৃতদেহ থৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰায় এঘন্টা সময়জুৰি এই প্ৰতিবাদ চলাৰ পাছত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল উপস্থিত হৈ এই বাঁহৰ বেৰিকেড উঠাই দিয়ে ৷ ইয়াৰ পাছতে পৰিস্থিতি স্বাভাৱিক অবস্থালৈ  আহে ৷ লগতে,ইয়াৰ পিচতহে মৃতদেহটো কবৰস্থানলৈ নিবলৈ সক্ষম হয় ৷ 


 

Your Comments