পাঠশালাত বজালী উকীল সন্থাৰ বিক্ষোভ  

Advocate Protest

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

অসম,নাগালেণ্ড,মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলৰ উদ্যোগত
আদালতৰ নিয়মীয়া কামকাজ প্ৰৱৰ্তন কৰা, আদালতৰ পূৰ্বৰ পৰম্পৰা অটুট ৰখা আৰু বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী অনতিপলমে খোলাৰ দাবীত 
বৃহস্পতিবাৰে এঘন্টীয়া প্ৰতীকি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।এই কাৰ্যসূচীৰ অংশ হিচাপে পাঠশালাতো বজালী উকীল সন্থাৰ উদ্যোগত এঘন্টীয়া কাৰ্যসূচী ৰূপায়ন কৰে।কাৰ্যসূচীৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।এই কাৰ্যসূচীত বজালী উকীল সন্থাৰ  বিষয়ববীয়া আৰু অধিবক্তাসকল উপস্থিত থাকে।                          

Your Comments