আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ঘগ্ৰাপাৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ ব্যাপক তৎপৰতা

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমাগত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে  নলবাৰী জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে বিগত কিছুদিনৰ পৰা ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।জিলাখনত কটকটীয়া নিৰাপত্তা ব্যবস্থা গঢ়ি তুলিছে।ইতিমধ্যে,নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত যোৱা ১০ আগষ্টত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে অঞ্চলটোৰ বিভিন্ন দল -সংগঠনৰ মুৰব্বীৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।য'ত অসম আৰক্ষীৰ ডি আই জি ব্ৰজেনজিৎ সিনহা,নলবাৰীৰ আৰক্ষী অধীক্ষক অমন জিৎ কৌৰ,ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা হাজৰিকা,ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।উক্ত সভাতে ডি আই জি সিনহাই স্বাধীনতা দিৱসৰ সময়ত বিশেষ তৎপৰতাৰে নিশ্ছিদ্ৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়।ইয়াৰ পিছতে ঘগ্ৰাপাৰ থানা এলেকাকে ধৰি জিলাখনৰ ৭ খন আৰক্ষী থানা আৰু ৪ টা আৰক্ষী চকীৰ অধীনষ্ঠ ৭০২ টা চৰকাৰী নথিভুক্ত গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীৰ নিৰ্দেশত নিজ নিজ এলেকাত পহৰা দিয়া ব‍্যৱস্থা আৰম্ভ কৰিছে।ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে ঘগ্ৰাপাৰ থানা এলেকাত কোনো দুস্কৃতিকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য্য সংঘটিত কৰিবলৈ নোৱাৰে,তাৰ বাবে আৰক্ষীয়ে প্ৰতিটো মুহূৰ্ততে সজাগ হৈ থকাৰ লগতে গাঁওৰক্ষী বাহিনীসমূহেও দিনে-নিশাই নিজ নিজ এলেকাৰ চৰকাৰী অনুষ্ঠান,৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ,ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন,মোবাইল টাৱাৰ,এ টি এম আদিত নিয়োজিত হৈ আছে।

Ghagrapar

উল্লেখ‍্য যে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ১৪৫ টা      পঞ্জীয়নভুক্ত গাঁওৰক্ষী বাহিনীৰ কাৰ্য্যকৰ্ত্তাই কৰ্তব্য পালন কৰি আহিছে বুলি চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে জানিবলৈ দিয়ে।ইফালে, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাটোৱাৰীসহ অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকলে দুচকীয়া বাহন,ডাঙৰ যাত্ৰীবাহী গাড়ী,সৰু সৰু ব্যক্তিগত যান-বাহন আদিত      তালাচী চলাই দুস্কৃতিকাৰীক চিনাক্ত কৰিবলৈ চোকা দৃষ্টি ৰাখিছে।ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰঘাট,বৰখালা,চতমা,নাৰপাৰা  , বৰাজোল,আল্লিয়া,নাৰায়ন গাওঁ, খাতিকুছি,বালিতাৰা,দিহজাৰী আদি অঞ্চলত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।ইফালে, কোনো সন্দেহজনক ব্যাক্তিৰ চাল-চলন অথবা কোনো গৰাকীবিহীন বেগ দেখা পালে তৎক্ষণাৎ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে ৰাইজলৈ আহ্বান জনাইছে।

Your Comments