শিৱসাগৰত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Aisf

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ দেশজুৰি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন AISF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস বুধবাৰে বিভিন্ন স্তৰৰ কমিটিসমূহে পালন কৰে।ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা পৰিষদেও এটা অগতানুগতিক কাৰ্যসূচী পালন কৰে।সংগঠনৰ মূল শ্ল'গান Study & struggleক সাৰোগত কৰি বুধবাৰৰ ঐতিহাসিক দিনটোত শিৱসাগৰ নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে সামাজিক অনুষ্ঠানসমূহত মূল্যৱান বৃক্ষ ৰোপন আৰু বিতৰণ  কৰে।লগতে,"EIA ২০২০" অধ্যাদেশৰ বিৰূদ্ধে জনমত গঠনৰ উপৰিও NEP ২০২০ ৰ নেতিবাচক দিশসমূহৰ বিৰুদ্ধেও জনমত গঠনৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।উক্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰি AIYF আৰু AISF ৰ প্ৰাক্তন নেতা কনক গগৈ, AIYF ৰ জিলা সভাপতি অনুপ গগৈ,AISF ৰ প্ৰাক্তন জিলা সম্পাদক ডানিয়ুব বৰুৱা আৰু আহ্বায়ক চাকিলুৰ ৰহমানে AISF ৰ প্ৰতিষ্ঠা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।উক্ত কাৰ্যসূচীত ভালেকেইজন কেডাৰে অংশগ্ৰহণ কৰে।

Your Comments