শুৱালকুছিৰ চেন্ট্ৰেল বেংকত শাৰী পাতি থকা গ্ৰাহকক দুৰ্ব্যৱহাৰ:নীৰৱ বেংক কৰ্তৃপক্ষ 

শুৱালকুছিৰ প্ৰতিবেদক:

চেন্ট্ৰেল বেংক অব ইণ্ডিয়া,শুৱালকুছি শাখাত বেংকৰ বিভিন্ন কামৰ বাবে আহি শাৰী পাতি থকা গ্ৰাহকক বেংকটো ভাড়া দিয়া কৰ্তৃপক্ষই  দুৰ্ব্যৱহাৰ কৰাত সাধাৰণ গ্ৰাহক ৰাইজ ক্ষোভিত হৈ পৰিছে।বংশৰৰ বিশিষ্ট সমাজকৰ্মী,লেখক,নাট্যকাৰ তথা প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অভিযোগ মতে ৭ আগষ্টত  বিশিষ্ট ব্যক্তিগৰাকী চেন্ট্ৰেল বেংকৰ,শুৱালকুছি শাখাৰ পৰা ধন উলিয়াবলৈ গৈ সামাজিক দূৰত্ব বজাই মুখত মাস্ক পৰিধান কৰি অন্যান্য গ্ৰাহকৰ লগত শাৰী পাতি আছিল।দিনৰ প্ৰায় ১১ বজাত শাৰী দীঘলীয়া হয়।তেনে সময়তে বেংকৰ শাখাটো ভাড়ালৈ দিয়া মালিক পক্ষৰ এজন লোক আহি শাৰী পাতি থকা লোকসকলক উদ্দেশ্য কৰি বিভিন্ন ধৰণৰ গালি-গালাজ কৰি শাৰীৰ পৰা গতিয়াই উলিয়াই দিম আদি কঠোৰ বাক্যবাণ নিক্ষেপ কৰাত শিক্ষক-সমাজকৰ্মী বৈশ্যই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰি ব্যক্তিগৰাকীক এই কথা বেংক কৰ্তৃপক্ষক জনাবলৈ কোৱাত তেওঁ বৈশ্যক ফেপেৰি পাতি ধৰে আৰু দুয়োৰে মাজত এখন তৰ্কযুদ্ধ হয়।পিছত শিক্ষকগৰাকীয়ে সকলো কথা বেংকৰ প্ৰৱন্ধকগৰাকীক অৱগত কৰাত তেওঁ বিশেষ গুৰত্ব নিদিলে বুলি শিক্ষকগৰাকীয়ে অৱগত কৰে।গ্ৰাহকৰ সুবিধা-অসুবিধাত কোনো গুৰুত্ব নিদিয়া আৰু শাখাটোত ঘটি থকা বিভিন্ন অভিযোগ আদি সময়ে সময়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতো চেন্ট্ৰেল বেংকৰ উৰ্ধতন কৰ্তৃপক্ষই কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাবে চিহ্নিত হৈছে।প্ৰখৰ ৰ'দ মূূৰত লৈ ঘন্টাৰ পিছত ঘন্টা ধৰি গ্ৰাহকে দীঘলীয়া শাৰি পাতি থকাৰ পিছতো বেংকৰ একাংশ কৰ্মচাৰীয়ে গ্ৰাহকসকলৰ প্ৰতি কোনো সঁহাৰি নজনাই দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ সদায়ে উত্থাপন হৈ আহিছে।পাৰ্কিঙৰ কোনো সুবিধা নথকা নোহোৱা উক্ত বেংকৰ শাখাটো শীঘ্ৰেই তাৰ পৰা স্থানান্তৰ  কৰিবলৈ শুৱালকুছিৰ গ্ৰাহক ৰাইজে বেংক কৰ্তৃপক্ষক দাবী জনাইছে ৷ অন্যথা শুৱালকুছিৰ ৰাইজে ৰিজাৰ্ভ বেংক      অব ইণ্ডিয়াৰ কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দাখিল কৰি ইয়াৰ এটা তদন্ত বিচাৰিব বুলি জানিবলৈ দিয়ে।
 

Your Comments