বঙাইগাঁৱত ট্ৰেড ইউনিয়নসমূহৰ 'ৰেল বচাওক-দেশ বচাওক' প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

দেশৰ সকলো ট্ৰেড ইউনিয়ন আৰু ফেডেৰেচনে দেওবাৰে আন আন স্থানৰ লগতে বঙাইগাঁও আৰু নিউ বঙাইগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ বিশেষ দিনটোত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক আশীষ বিশ্বাসে  কয় যে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৰে'ল কৰ্মীসকলে দেওবাৰে দেশজুৰি 'অল ইণ্ডিয়া প্ৰতিবাদ দিৱস' পালন কৰিছে।ইমানেই নহয়, বৰং ক'ৰ'না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যিসমূহ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ প্রতি অন্যায় সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে,তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে নেতাগৰাকীয়ে।প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে কৰ্মচাৰীসকলে নিজ নিজ কৰ্মস্থলীত আৰু ৰে'লৱে ষ্টেচনসমূহত মুখত মাস্ক পিন্ধি শাৰিৰীক দূৰত্ব বজাই ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ প্ৰদৰ্শন কৰাৰ লগতে দিয়ে ৰে'ল বচাওক-দেশ বচাওক শ্লোগান।এই প্ৰতিবাদী কাৰ্যসুচীত এন এফ ৰেলৱে মজদুৰ ইউনিয়ন,অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডেৰেচন,হিন্দ মজদুৰ সভা, ইণ্ডিয়ান নেচনেল ট্ৰেড ইউনিয়ন কংগ্ৰেছ,এন এফ ৰে'লৱে এমপ্লয়িজ ইউনিয়ন,চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, পূৰ্বাঞ্চলীয় ৰে'ল কৰ্মী পৰিষদ,এন এফ ৰে'লৱে পেঞ্চনাৰ্চ এচোছিয়েচন আদি সংগঠনে অংশগ্ৰহণ কৰে ৷ ইফালে,প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি চিটুৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ সভাপতি হৰেশ্বৰ দাসে ৰে'লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি  কয় যে এইখন চৰকাৰে দেশৰ সকলো লাভজনক চৰকাৰী খণ্ডক পুঁজিপতিৰ হাতত বিক্ৰী কৰিব বিচাৰিছে।এই চৰকাৰ পুঁজিপতিৰ হাতৰ পুতলা।কোনো কাৰণতে এইসমূহক ব্যক্তিগতকৰণ কৰিবলৈ দিয়া নহ'ব।সেইদৰে চৰকাৰী খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিব ওলোৱা কাৰ্যক অন্যায় আৰু জনবিৰোধী নীতি অভিহিত কৰিছে এমপ্লইজ ইউনিয়নৰ নেতা প্ৰমোদ কুমাৰ ৰস্তোগীয়ে ৷ নেতাগৰাকীয়ে এই নীতিক প্ৰত্যাহাৰৰ দাবী জনায়।লগতে কয় যে অন্যথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ অধিক ক্ষতিৰ সন্মুখীন হ'ব। আনহাতে,ট্ৰেড ইউনিয়নসমূহৰ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ দলৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শংকৰ প্ৰসাদ ৰায়েও সমৰ্থন প্ৰকাশ কৰি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।তেওঁ কয় যে মোডী চৰকাৰে দেশ বিক্ৰী কৰিবলৈ ওলাইছে।এয়া কেতিয়াও হ'বলৈ দিয়া নহ'ব ৷কংগ্ৰেছ দল সদায় শ্ৰমিকৰ পক্ষত আছে আৰু থাকিব বুলিও তেওঁ কয়।এই কাৰ্যসূচীত পূৰ্বাঞ্চলীয় ৰে'ল কৰ্মী পৰিষদৰ নেতা প্ৰফুল্ল সূত্ৰধৰ,চিটুৰ জিলা পৰ্যায়ৰ নেতা সঞ্জীৱ দেৱ আদিয়েও বক্তব্য প্ৰদান   কৰে।কাৰ্যসূচীত পেঞ্চনাৰ্চ এচোছিয়েচনৰ স্বাধীন শিকদাৰ,হিন্দ মজদুৰ সভাৰ গোৱিন্দ বিশ্বাসকে ধৰি বহু নেতা উপস্থিত থাকে৷


 

Your Comments