#আৰক্ষীৰ শূন্যলৈ গুলী#দুটা অপৰাধীক গ্ৰেপ্তাৰ#
মৰিগাঁৱৰ পৰা জিতুুমনি নাথ:
মৰিগাঁও আৰক্ষীয়ে জিলাখনত সমাজ বিৰোধী চক্ৰসমূহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে শনিবাৰে সন্ধিয়া চলোৱা এটা অভিযানত বৃহৎসংখ্যক নকল টকাৰ সৈতে ২ টা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই নেতৃত্ব দিয়া অভিযানকালত মিকিৰভেটা থানাৰ অন্তৰ্গত লাওতলীৰ পৰা ১৩ লাখ ৪০ হাজাৰ নকল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ছিৰাজুল হক আৰু নুৰুল আমিন নামৰ দুজন নকল টকা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে চলোৱা অভিযানৰ সময়ত দুয়োটা অপৰাধীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰে।আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰাৰ পিছতহে দুই নকল টকা সৰবৰাহকাৰীয়ে আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়।আৰক্ষীৰ জেৰাত অবৈধ মাৰণাস্ত্ৰ কিনিবলৈ এই ধন মজুত কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে অপৰাধীকেইটাই।ইফালে, দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত এই ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।
- Log in to post comments
- 25 views