নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো সময়তে জনসংযোগ অব্যাহত ৰাখি আহিছে৷বৃহস্পতিবাৰে শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তত উপস্থিত হৈ গাওঁ পঞ্চায়তখনৰ সভাপতি যোগেশ্বৰ শৰ্মা আৰু আঞ্চলিক সদস্য ফণীনাথ লহকৰ,বিজেপিৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সম্পাদক মৃগেন শৰ্মা,মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতা,বিজেপি কৰ্মী দ্বীজেন লহকৰ,মৃদুল লহকৰসহ বহুতো দলীয় সমৰ্থকক লগত লৈ পূৰ্নদৈচপৰা গাঁঁৱৰ সদ্যপ্ৰয়াত মহিলা
চুৰু লহকৰ,কিচ্মৎ গাৱঁৰ দ্ৰৌপদী দেৱী,বৰখালাৰ কমলা বুজৰবৰুৱাৰ গৃহত উপস্থিত হৈ খা-খবৰ লোৱাৰ লগতে মৃতকলৈ শ্ৰদ্ধা জ্ঞাপন কৰে৷তদুপৰি,বিধায়কগৰাকীয়ে পূৰ্নদৈচপৰা গাঁঁৱ শয্যাগত মহিলা
প্ৰাণেশ্বৰী লহকৰ,দেহাৰকুছি গাঁঁৱৰ শয্যাগত অৱসৰপ্ৰাপ্ত শিক্ষক অম্বিকা নাথ শৰ্মা, দেহাৰকুছি গাৱঁৰ বয়োজ্যেষ্ঠ নাগৰিক বাসুদেৱ শৰ্মাৰ গৃহত উপস্থিত হৈ তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে৷ইয়াৰ আগতে বিধায়কগৰাকীয়ে পূূূূূৰ্ণৰদৈচপৰা(বাহাৰঘাট)ত এটা বৈদ্যুতিক পৰিবাহী তাৰ আৰু খুঁঁটা স্থাপনক লৈ দুটা পৰিয়ালৰ মাজত হোৱা মনোমালিন্য সমাধানৰ বাবে নলবাৰী বৈদ্যুতিক সংমণ্ডল(২)ৰ বিষয়া-কৰ্মচাৰীসহ ঘটনাস্থলীত উপস্থিত হয়৷উক্ত জনসংযোগ অভিযানত পূৰ্ণ দৈচপাৰা বুথ কমিটীৰ সভাপতি হৰকান্ত লহকৰে সহযোগিতা কৰে৷
- Log in to post comments
- 27 views