*নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান বিজেপি চৰকাৰক*
বঙাইগাঁৱৰ প্ৰতিবেদক:
শিক্ষা বিভাগে কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলক শেহতীয়াভাৱে পুনৰ নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰোধিতা কৰিছে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ বঙাইগাঁও জিলা সমিতিয়ে ৷ জিলা সমিতিয়ে কোনোপধ্যে শিক্ষকসকলে নতুন চুক্তি পত্ৰত স্বাক্ষৰ নকৰে বুলিও স্পষ্ট কৰি দিছে ৷ লগতে চৰকাৰক কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবী জনাইছে ৷ বুধবাৰে বঙাইগাঁও চহৰৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত জিলা সমিতিৰ সম্পাদক হাতেম আলীয়ে এই চূড়ান্ত সিদ্ধান্ত তথা দাবীৰ বিষয়ে সদৰি কৰে ৷ উল্লেখ্য যে জিলা সমিতিৰ উপ-সভাপতি উইলচন বাস্কি ,ৰাজ্যিক সমিতিৰ সদস্য ছাইফুল ইছলাম তালুকদাৰ , বঙাইগাঁও ব্লক সমিতিৰ উপ-সভাপতি পংকজ বৰ্মন আদি বিষয়ববীয়াসকলে সংবাদ মেলত কয় যে যোৱা ৭ জুনত অসমৰ শিক্ষামন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সাময়িক সকাহ হিচাপে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলক ৬০ বছৰলৈ চাকৰিৰ সুৰক্ষা প্ৰদানৰ লগতে অন্যান্য কিছু অতিৰিক্ত সা-সুবিধা প্ৰদান কৰে ৷ ইতিমধ্যে কেবিনেটৰ এই সিদ্ধান্তৰ নিৰ্দেশনাও ওলাইছে।কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুদিন পাছতে শিক্ষা বিভাগে শিক্ষকসকলক নতুন চুক্তি পত্ৰত চহী কৰিবলৈ দিয়ে ৷ এই চুক্তি পত্ৰ ৰাজহুৱা হোৱাৰ লগে লগে সকলো শিক্ষকে একেলগে ইয়াৰ বিৰোধিতা কৰে ৷ প্ৰতিখন জিলাত ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলৰ মতামত গ্ৰহণ কৰি জিলা সমিতিসমূহৰ পৰা সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজে লিখিত পৰামৰ্শ লয় আৰু এখন ডিজিটেল কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে নতুন চুক্তি পত্ৰত স্বাক্ষৰ নকৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি সেই প্ৰস্তাৱ অসমৰ মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী, প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত, সচিব আৰু সৰ্বশিক্ষাৰ মিছন সঞ্চালকক প্ৰদান কৰিছে বুলিও উল্লেখ কৰে ৷ লগতে কয় যে শিক্ষা মন্ত্ৰীগৰাকীয়ে সাময়িকভাৱে দিয়া সকাহ শিক্ষক সমাজে আদৰণি জনাইছিল যদিও শিক্ষা বিভাগে হঠাতে দিয়া চুক্তি পত্ৰই সকলোকে আচৰিত কৰি তুলিছে ৷ এনে চুক্তিপত্ৰ কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ বৰং শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা সাময়িক সকাহ এক নিৰ্দেশনাৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হওক , চুক্তিৰ জৰিয়তে নহয় ৷ সংবাদ মেলত বিষয়ববীয়াসকলে বিজেপি চৰকাৰক ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰত( ভিজন ডকুমেণ্টত) বিজেপি দলে চৰকাৰ গঠন কৰিলে ঠিকাভিত্তিক টেট্ শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম বুলি যি নিৰ্বাচনী প্ৰতিশ্ৰুতি উল্লেখ কৰিছিল ,সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকো দাবী তথা আহ্বান জনায় ৷ সেইদৰে শিক্ষাৰ অধিকাৰ আইন ২০১৯ আৰু কেন্দ্ৰীয় চৰকাৰৰ পেব( PAB)ৰ নিৰ্দেশনা অনুযায়ী টেট্ শিক্ষকসকলক অতি শীঘ্ৰে নিযুক্তিৰ ডুৱেল কেডাৰ ভংগ কৰি প্ৰাথমিক শিক্ষা বিভাগৰ অধীনলৈ নিবলৈ আহ্বান জনায় আৰু নতুন চুক্তিপত্ৰ বাতিল কৰিবলৈকো বিভাগক সকীয়াই দিয়ে ৷ আনহাতে নিম্ন প্ৰাথমিক শিক্ষকৰ যোগ্যতা মতে চৰকাৰী নিৰ্দেশনা অনুসৰি শিক্ষকসকলৰ গ্ৰেড-পেৰ সমস্যা অতি সোনকালে সমাধান কৰাৰ লগতে ২০১৯ বৰ্ষৰ জুলাই মাহৰ পৰা পাবলগীয়া ৫ শতাংশ মৰগীয়া ভাট্টা বকেয়াসহ মুকলি কৰি দিবলৈকো চৰকাৰক দাবী জনায় ৷ লগতে ইতিমধ্যে পূৰ্বৰ শিক্ষামন্ত্ৰী আৰু সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ মাজত অনুষ্ঠিত আলোচনা অনুসৰি তৈয়াৰ কৰা মডেলিটীৰ আধাৰত নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰি কৰ্মৰত প্ৰাথমিক টেট্ উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলক অতি শীঘ্ৰে বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ বিজেপি চৰকাৰক দাবী জনায় ৷ সংবাদ মেলত বাবুল আখতাৰ,পূৰ্ণেন্দু অধিকাৰীকে ধৰি কেইবাজনো বিষয়ববীয়াও উপস্থিত আছিল ৷
- Log in to post comments
- 14 views