অযোধ‍্যাত ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে নলবাৰীৰ দুধনাথ বিগ্ৰহত বিধায়ক অশোক শৰ্মাৰ হোম-যজ্ঞ

পূজা

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বুধবাৰে পৱিত্ৰ আযোধ্যাত পাঁচশ বছৰীয়া এটা দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাম মন্দিৰৰ ভূমি পূজনৰ লগতে হ’ল শিলান্যাস । আযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠান সফল হোৱাৰ নিমিত্তে আৰু এই চিৰআকাংক্ষিত দিনটো অধিক স্মৰণীয় কৰিবলৈ  নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত নলবাৰীৰ খাৰঝাৰাৰ ১০০৮ দুধনাথ বিগ্ৰহ সন্যাসী আশ্ৰমত বিষ্ণু যজ্ঞ অনুষ্ঠিত কৰা হয়।এক ঐতিহাসিক বিজয় উপলক্ষে আৰু ৰাম মন্দিৰৰ সকলো কাৰ্যসূচী শান্তিৰে পাৰ হোৱাৰ কামনাৰে আয়োজন কৰা বিধায়কগৰাকীৰ এই যজ্ঞত খাৰজৰা আশ্ৰম পৰিচালনা সমিতিৰ সভাপতি তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্ৰীয় কাৰ্য্যবাহ ডাঃ উমেশ চক্ৰৱৰ্তী,কেইবাশতাধিক ভক্তৰ লগতে বিজেপি দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

Your Comments