দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত মঙলবাৰে জিলা সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় 'সাংবাদিক সন্মিলন আৰু আলোচনা সত্ৰ'।নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰোহিনী মেধিৰ স্মৃতিত আয়োজিত এই আলোচনা-সত্ৰখনৰ সঞ্চালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই।নলবাৰী জিলাৰ কেইবাগৰাকীও সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত সাংবাদিক সন্মিলনত সাংবাদিকৰ মনৰ কথা আলোচনা কৰাৰ লগতে 'ভাষাৰ শুদ্ধ প্ৰয়োগত সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বিষয়ত আলোচনা কৰা হয়।নলবাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দীপক কলিতাই অনুষ্ঠান উদ্বোধন কৰি সাংবাদিকসকলে যথেষ্ট প্ৰতিকূল পৰিৱেশত কষ্ট কৰি কাম কৰি আহিছে বুলি কোৱাৰ লগতে ভাষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমক সতৰ্ক হ'বলৈ আহ্বান জনায়।বহু শিক্ষিত অসমীয়া লোকে অসমীয়া ভাষাৰ মাজত ইংৰাজী ভাষা প্ৰয়োগ কৰি অসমীয়া ভাষাটো খিচিৰি কৰা বুলিও দীপক কলিতাই আক্ষেপ প্ৰকাশ কৰি নিজৰ ভাষা কেতিয়াও এৰিব নালাগে বুলি ব্যক্ত কৰে।কলিতাই লগতে ইয়াকো কয় যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সূৰ্যৰ দৰে সত্য।জাতিৰ সমস্যাৰ লগত সাংবাদিকসকল জড়িত।সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰি চৰকাৰক সঠিক বাটত খোজ দিবলৈ বাধ্য কৰিছে।আলোচক হিচাপে অংশগ্ৰহণ কৰি বানেকুছিৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ,শিক্ষাবিদ নৱ কুমাৰ শৰ্মাই কয় যে সাংবাদিকসকলে ভাষা শৈলীৰে এটা নতুন ধাৰাৰ সৃষ্টি কৰিছে।সাংবাদিকসকল ভাষাৰ বিজ্ঞানী সদৃশ।অনুষ্ঠানত স্থানীয় বিধায়ক অশোক শৰ্মাই অংশ লৈ সাংবাদিক সকলৰ ভূমিকাক প্ৰশংসা কৰে।এই আলোচনা-সত্ৰত নলবাৰীৰ বিশিষ্ট ব্যক্তি,শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা,নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,কৃতী শিক্ষক বীৰেন্দ্ৰ শৰ্মা,নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি অতুল চন্দ্ৰ শৰ্মা,সাধাৰণ সম্পাদক পংকজ বেজবৰুৱা আদি উপস্থিত থাকে।উল্লেখযোগ্য যে এই সাংবাদিক সন্মিলনত জিলা সাহিত্য সভাই নলবাৰী জিলাৰ কেইবাগৰাকী সাংবাদিকক গামোচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
- Log in to post comments
- 15 views