*কাৰ্বিআংলঙৰ পাৰ্কুপ বনাঞ্চলৰ পৰা নগাঁৱলৈ দৈনিক সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে চোৰাং কাঠ*
নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী আৰু বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া ছেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি বন বিভাগৰ অভিযানকাৰী দলে জিলাখনৰ শালনা বনাঞ্চলৰ অধীনষ্ঠ বাঘবৰ আলিত যোৱা নিশা প্ৰায় দুই বজাত এটা অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যৱান মাকৈ শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
অভিযানকাৰী সুত্ৰটোৱে জনোৱা মতে কাৰ্বি আংলং জিলাৰ পাৰ্কুপ বনাঞ্চলৰ পৰা কাঠখিনি চামগুৰি দিশে আনি থকাৰ খবৰ লাভ কৰি বন বিভাগৰ দলটোৱে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে দীৰ্ঘদিন ধৰি কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ কাটি কাঠসমূহ নিশাৰ ভাগত চাপানলা-শালনা অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰি আহিছে।বন বিভাগৰ দলটোৱে জব্দ কৰা গাড়ীকেইখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমেঃ এএচ ০২ বিচি ৬৯১২, এএচ ০২ বিচি ৭৫৮৯, এএচ ০২ চিচি ৪৭৯০। জব্দ কৰা প্ৰায় ১২ চি এম পৰিমাণৰ মাকৈ শাল খিনিৰ মূল্য কেবা লক্ষাধিক টকা হ'ব বুলি বন বিভাগৰ সূত্ৰত জানিব পৰা গৈছে।
- Log in to post comments
- 18 views