শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হাজোৰ সোৱানচাহৰ ৰাজেন্দ্ৰ বৈশ্য:আৰ্থিক সাহায্য প্ৰদানৰ দাবী অঞ্চলবাসীৰ 

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

মহামাৰী ক'ৰ'নাৰ  সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শিল্পকলাৰ সৈতে জড়িত শিল্পীসকলে  দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগীয়াত পৰিছে।ভ্ৰাম্যমান থিয়েটাৰ, যাত্ৰাপাৰ্টী,বেণ্ডপাৰ্টী,বাদ্যযন্ত্ৰী,সংগীত শিল্পীকে ধৰি শিল্পকলাৰ ক্ষেত্ৰখনত জড়িত শিল্পীসকলে সম্প্ৰতি আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত আহবান জনোৱা লকডাউনৰ ফলশ্ৰুতিত। ইতিমধ্যে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰবীণ শিল্পীসকলক শিল্পী পেঞ্চন আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষনা কৰা কাৰ্যক ৰাজ্যৰ শিল্পী সমাজ আৰু সচেতন মহলে আদৰণী জনাইছে।তেনে সময়তে তীৰ্থনগৰী হাজোৰ সোৱানচাহৰ বিশিষ্ট অভিনেতা তথা বেণ্ডপাৰ্টী দলৰ খ্যাতনামা বাদ্যযন্ত্ৰী ৰাজেন্দ্ৰ বৈশ্যই আৰ্থিক সংকটত ভুগি সম্প্ৰতি হতাশাত ভুগিব লগীয়া হৈছে।উল্লেখ যে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সোৱানচাহ নিৱাসী ৰাজেন্দ্ৰ বৈশ্যই জীৱনৰ ১২ বছৰ বয়সৰ পৰাই অভিনয় জগতৰ সৈতে জড়িত হৈ আহিছে।তেওঁ এগৰাকী বিশিষ্ট অভিনেতা আৰু বাদ্যযন্ত্ৰী হিচাপে অনেক ঘাত- প্ৰতিঘাতৰ মাজেৰে জীৱনৰ মূল্যবান সময় অতিক্ৰমি সম্প্ৰতি ৬২ টাকৈ বসন্ত গৰকিলে। তেওঁ 'শংকৰজ্যোতি নাট্য পৰিষদ' নামৰ এটা যাত্ৰাপাৰ্টীৰ জন্ম দি নিজেও বৰ্তমানলৈ অভিনয় কৰি আছে।যিটো যাত্ৰাপাৰ্টীয়ে আজিও ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অভিনেতা তথা বাদ্যযন্ত্ৰী বৈশ্যৰ সাৱলীল অভিনয়ে নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ মৰম-স্নেহ আজুৰি আনিবলৈ সমৰ্থ হৈছিল।তদুপৰি, বিশিষ্ট অভিনেতা,প্ৰযোজক,পৰিচালক বৈশ্য অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বেণ্ডপাৰ্টী দলৰ এগৰাকী সুদক্ষ বাদ্যযন্ত্ৰীৰ লগতে এগৰাকী নাগাৰা নাম দলৰ পাঠক আৰু সুদক্ষ নাগাৰা বাদক হিচাপে অঞ্চলটোত পৰিচিত। ধৰ্মশাস্ত্ৰৰ এগৰাকী ভকত হিচাপেও খ্যাত ৰাজেন্দ্ৰ বৈশ্য।কিয়নো অঞ্চলটোৰ মানুহৰ ঘৰে-ঘৰে গৈ ভাগৱত পাঠ কৰি সমাদৰ লাভ কৰিছিল।সম্প্ৰতি ক'ৰ'না মহামাৰীৰ সংক্ৰমণ আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো স্থৱিৰ হৈ পৰাত বৈশ্যৰ পৰিয়াল পোহ-পালৰ ক্ষেত্ৰত আহুকালে লগ দিছে।এনে সময়ত এইগৰাকী আগশাৰীৰ শিল্পীক চৰকাৰীভাৱে আৰ্থিক সকাহ দিয়াৰ লগতে শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত কৰিবলৈ ৰাইজে দাবী জনাইছে।

Your Comments