হাজোৰ কোঁঁৱৰপুৰৰ নাৰকীয় হত্যাকাণ্ডৰ তদন্তৰ দাবী 'আছু'ৰ:মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

হাজোৰ পৰা কমলাকান্ত দাস: 

বিগত কিছুদিনৰ পৰা কোঁঁৱৰপুৰ-বুল্লুট অঞ্চলত বিভিন্ন অসামাজিক কাম কাজৰ লগতে অমানৱীয় তথা হত্যাকাণ্ডৰ দৰে নাৰকীয় ঘটনা সংঘটিত কৰি এটা দুষ্ট চক্ৰই অঞ্চলটোত শান্তি সম্প্ৰতি তথা অৰাজকতাৰ সৃষ্টি কৰি অহা কাৰ্যৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস,সম্পাদক তপন দাস স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে,হাজোৰ কোঁঁৱৰপুৰ-বুল্লুটকে ধৰি বিভিন্ন প্ৰান্তৰত সংঘটিত এনে বোৰ ঘটনাক একাংশ লোকে নিজৰ মুনাফা লাভৰ বাবে ৰাইজক বিপথে পৰিচালিত কৰিব বিছাৰিছে।বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বসতিস্থল হাজোৰ শান্তি-সমন্বয়ে ৰাজ্যৰ লগতে সমগ্ৰ দেশতে সুকীয়া স্থান দখল কৰি আহিছে।তেনে স্থলত পঞ্চতীৰ্থৰ পুণ্য ভূমিত যি কোনো ঘটনাক সাম্প্ৰদায়িক ৰূপ দিব বিচৰা কাৰ্যক হাজো আছুৱে কেতিয়াও সহ্য নকৰে।শেহতীয়াভাৱে কোঁঁৱৰপুৰ-বুল্লুটত সংঘটিত নাৰকীয় হত্যাকাণ্ডক লৈ তেনে পৰিৱেশৰ সূচনা নকৰিবলৈ হাজো আঞ্চলিক ছাত্ৰ সন্থাই সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে হত্যা-হিংসা বন্ধ কৰি শান্তি-সমন্বয় অটুট ৰাখিবলৈকো আহ্বান জনায়।তদুপৰি,আৰক্ষী প্ৰশাসন আৰু কামৰূপ জিলা প্ৰশাসনে এই পৰ্যন্ত কোঁঁৱৰপুৰ-বুল্লুটত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি প্ৰকৃত দোষীক শাস্তি বিহিব নোৱাৰাটোক  হাজো আছুৱে অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে।সেয়ে হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই স্মাৰকপত্ৰৰ জৰিয়তে কোঁঁৱৰপুৰ-বুল্লুটৰ নাৰকীয় হত্যাকাণ্ডৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে অঞ্চলটোত শান্তি-সমন্বয় অটুট ৰখাৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ শুকুৰবাৰে চক্ৰ বিষয়া সুকন্যা বৰাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ  প্ৰেৰণ কৰে।অন্যথা অনাগত দিনত ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি স্মাৰকপত্ৰখনত লগতে উল্লেখ কৰে।

Your Comments