ক্ৰমান্বয়ে ক'ৰ'না মহামাৰীয়ে দেশত ভয়ংকৰ ৰূপ লৈছে।এই পৰ্যন্ত দেশত ১২ লাখতকৈ অধিক লোক ক'ৰ'নাত আক্রান্ত হোৱাৰ লগতে প্ৰায় ৩০ হাজাৰ লোকে মৃত্যুক সাৱটি লৈছে। যোৱা ২৪ ঘন্টাত ৪৫হাজাৰতকৈ অধিক লোকৰ দেহত পোৱা গৈছে ক'ৰ'নাৰ সংক্ৰমণ। কিন্তু তাৰ মাজতে মধ্য প্ৰদেশৰ জ্যেষ্ঠ বিজেপি নেতাই দিছে ক'ৰ'নাক লৈ কৰিলে অদ্ভুত ভৱিষ্যতবাণী।মধ্য প্ৰদেশ বিধানসভাৰ ‘Protem Speaker’ ৰামেশ্বৰ শৰ্মাৰ মতে, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগেই ক'ৰ'না ভাইৰাছ নিঃশেষ হ’বলৈ আৰম্ভ হ’ব।বিজেপি নেতাজনে ANIক কয়–“ভগৱান ৰামৰ আবিৰ্ভাৱ হৈছিল দুষ্টক দমন কৰি মানৱতাৰ কল্যাণ কৰিবলৈ।গতিকে, ৰাম মন্দিৰ নিৰ্মাণৰ লগে-লগেই Covid-19 মহামাৰী নিৰ্মূল হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
যোৱা মঙলবাৰে সমাজবাদী পাৰ্টিৰ সাংসদ ছফিকুৰ ৰহমানেও Covid-19 বেমাৰ নহয়, বৰঞ্চ মানুহৰ পাপৰ বিনিময়ত ভগৱানৰ দণ্ড বুলি অভিহিত কৰিছিল।ঈশ্বৰৰ উপাসনাই ইয়াৰ একমাত্ৰ প্ৰতিকাৰ বুলিও মন্তব্য কৰিছিল সাংসদগৰাকীয়ে।অনাগত ঈদত তেওঁ ইদগাহ আৰু মছজিদসমূহ নামাজ আগবঢ়াবলৈ মুকলি কৰি দিবলৈও দাবী উত্থাপন কৰিছিল।ৰহমানে কয়-‘ক'ৰ'না ভাইৰাছৰ কোনো ঔষধ বা প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই;গতিকে Covid-19 ৰোগ নহয়; ই হৈছে মানুহে কৰা পাপৰ বিনিময়ত আল্লাহৰ পৰা লাভ কৰা শাস্তি।মোৰ বিশ্বাস আমি মছজিদত আল্লাহক বিচাৰি উপাসনা কৰিলে,ভগৱানে আমাৰ কথা শুনিব আৰু পৰিস্থিতি উন্নত হ’ব।’
- Log in to post comments
- 32 views